মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰতিবছৰে ৰাজ্যত নিৰ্মাণ হ’ব দুখনকৈ মেডিকেল কলেজ, গুৱাহাটীত নিৰ্মাণ হ’ব দ্বিতীয়খন চিকিত্‍সা মহাবিদ্যালয়

প্ৰতিবছৰে ৰাজ্যত নিৰ্মাণ হ’ব দুখনকৈ মেডিকেল কলেজ, গুৱাহাটীত নিৰ্মাণ হ’ব দ্বিতীয়খন চিকিত্‍সা মহাবিদ্যালয়

News18 Assam | News18-Assam
Updated:August 20, 2020, 2:20 PM IST
প্ৰতিবছৰে ৰাজ্যত নিৰ্মাণ হ’ব দুখনকৈ মেডিকেল কলেজ,  গুৱাহাটীত নিৰ্মাণ হ’ব দ্বিতীয়খন চিকিত্‍সা মহাবিদ্যালয়
নৱেম্বৰ মাহৰ পৰা লখিমপুৰ চিকিত্‍সা মহাবিদ্যালয়ত আৰম্ভ হ’ব চিকিত্‍সা সেৱাঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নৱেম্বৰ মাহৰ পৰা লখিমপুৰ চিকিত্‍সা মহাবিদ্যালয়ত আৰম্ভ হ’ব চিকিত্‍সা সেৱাঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • Share this:
গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সভা। অনুষ্ঠানত গ্ৰাম্য চিকিত্‍সক আৰু নাৰ্ছক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী শৰ্মাই কয় যে, নিযুক্তি পোৱা গ্ৰাম্য চিকিৎসকসকলে কোভিড ডিউটি কৰিলেও গ্ৰাম্য চিকিৎসক হিচাপে ধৰা হ’ব। আজিৰ পৰা তিনিমাহ অৰ্থাৎ নৱেম্বৰলৈ কোভিড ডিউটি কৰিব লাগিব। তাৰ পিছত লখিমপুৰ চিকিৎসালয় মহাবিদ্যালয়লৈ আহিব লাগিব। ৩৫৮ কোটি টকাৰ ব্যয় সাপেক্ষে লখিমপুৰ মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে। অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব মেডিকেল কলেজখনত চিকিত্‍সা সেৱা।’

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘পূৰ্বতে মেডিকেল কলেজৰ চিট আছিল ৩৯১টা, এতিয়া ১০০০ লৈ বৃদ্ধি হৈছে। এই যাত্ৰা বৌদ্ধিক মহলকে ধৰি বহুতে বিৰোধিতা কৰিছিল। অসমৰ বৌদ্ধিক মহলে মেডিকেল কলেজ নালাগে বুলি বিৰোধ কৰিছিল।চিকিৎসা বিজ্ঞানৰ লগত জড়িত বহুতেও বিৰোধ কৰিছিল। কিন্তু কোভিডৰ সময়ত অসমৰ মানুহে স্বীকাৰ কৰিলে মেডিকেল কলেজ কেইখনৰ প্ৰয়োজনীয়তা কিমান। আজি মেডিকেল কলেজ সমূহ স্থাপন নকৰা হেতেন স্বাস্থ্য বিভাগে কোভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ গণনা কৰাৰ বাদে একো কাম কৰিব নোৱাৰিলেহেতেন।’

মন্ত্ৰী শৰ্মাই অসমত প্ৰতিবছৰে দুখনকৈ মেডিকেল কলেজ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে উক্ত সভাত। আনকি গুৱাহাটীতো আন এখন মেডিকেল কলেজ স্থাপনৰ কথা ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘চাৰিটা বছৰৰ কাৰ্যকালত আমি ৬ খন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিছিলো। ইয়াৰে দুখন সম্পূৰ্ণ হৈছে। চাৰিখনৰ কাম ৭০ শতাংশ সম্পূৰ্ণ হৈছে।  নলবাৰী, গোৱালপাৰা, বিশ্বনাথ আৰু নাজিৰাত আন চাৰিখন মেডিকেল কলেজ স্থাপন হ’ব। অহা বছৰ ধুবুৰী আৰু নগাঁও মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম।’

সভাত মন্ত্ৰীগৰাকীয়ে আগন্তুক ১৫ দিনৰ ভিতৰত ডিব্ৰুগড় মেডিকেল কলেজ, হাস্পতালত ১৫০ গৰাকী নাৰ্ছক নিযুক্তি দিব বুলি জানিবলৈ দিয়ে।
Published by: Himangshu Bhuyan
First published: August 20, 2020, 2:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি