আমগুৰিত চাহ বাগিচা আদৰ্শ বিদ্যালয় মুকলি শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৰ।
আমগুৰিত চাহ বাগিচা আদৰ্শ বিদ্যালয় মুকলি শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৰ।
চৰকাৰে নিৰ্মাণ কৰা চাহ বাগিচাৰ বিদ্যালয় সমূহলৈ ছাত্ৰ-ছাত্ৰীৰ সঁহাৰি অভূতপূৰ্ব আৰু প্ৰতিখন বিদ্যালয়ত আঠ জনকৈ শিক্ষক নিযুক্তি দিয়া হ'ব। শিৱসাগৰ জিলাৰ আমগুৰিত বৃহস্পতিবাৰে চাহ বাগিচা আদৰ্শ বিদ্যালয় মুকলি কৰি এই কথা সদৰি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
দীৰ্ঘদিন ধৰি বাগিচাত কৰ্মৰত শ্ৰমিকসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিল। উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ কথা আহিলেই কেৱল কোম্পানীক দোষাৰূপ কৰা হৈছিল। কেৱল নিৰ্বাচনৰ সময়ত ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল ৰাজনৈতিক দল সমূহে।" শিৱসাগৰ জিলাৰ আমগুৰিত আমগুৰি চাহ বাগিচা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয় মুকিল কৰি ভাষণ প্ৰসংগত এই মন্তব্য কৰে শিক্ষা তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৱে।
চাহবাগিচাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰথম পৰ্য্যায়ত ১১৯ খন বিদ্যালয়ৰ ভিতৰত ৯৬ খন বিদ্যালয় মুকলি কৰে । আনহাতে মন্ত্ৰীগৰাকীক উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষা আৰু ছাত্র-ছাত্ৰী সকলৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয় যে, 'কাউঞ্চিল এটা স্বায়ত্ত শাসিত অনুষ্ঠান তাৰ এজন চেয়াৰমেন থাকে মই পোনপটীয়াকৈ তাৰ সৈতে জড়িত নহয়। এই সম্পৰ্কে মই খবৰ কৰিব লাগিব।'
শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে টেট উত্তীৰ্ণ গ্ৰেছ মাৰ্ক প্ৰাপ্তসকলৰ নিযুক্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰা প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে , যি সকল গ্ৰেছ মাৰ্ক লাভ কৰা শিক্ষকে বৰ্তমান চাকৰি কৰি আছে তেওঁলোকৰ বাবে চৰকাৰে ন্যায়ালয়ত পুনৰ আবেদন জনাব।
উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ সম্পৰ্কে প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে পুনৰ এই বিষয়টো কাউঞ্চিল আৰু চেবাৰ দায়িত্ব আৰু তেওঁলোকে এই বিষয়ত সিদ্ধান্ত লব বুলি জানিবলৈ দিয়ে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|