শিক্ষক হম বুলি ভাবি থকাসকললৈ ভাল খবৰ। বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দিলে ভাল খবৰ। শীঘ্ৰে ৰাজ্য চৰকাৰে নিযুক্তি দিব ২২ হাজাৰ নতুন শিক্ষকক। সেইদৰে২০২২ বৰ্ষৰ শিক্ষাৰ অন্ত:গাঁথনিৰ বাবে শিক্ষা বিভাগে লাভ কৰিব দুই হাজাৰ কোটি টকা। এই কথা জনাই শিক্ষামন্ত্ৰী পেগুৱে।
ইফালে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। একাংশ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ এই পৰ্যন্ত হোৱা নাই। বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হবলৈ নাথাকিব বয়সৰ ক্ষেত্ৰত বিশেষ ৰেহাই। আনহাতে ২০২২ বৰ্ষত প্ৰাথমিক বিদ্যালয়সমূহৰ অন্ত:গাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বিশেষ গুৰুত্ব দিব বুলি জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
ইফালে আজিৰ দিনটোতে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।