உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৭,৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি, জুলাইৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ'ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা

    Himanta Biswa Sarma: জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৭,৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি, জুলাইৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ'ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা

    আজি ৰাজ্যৰ প্ৰায় ২২ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলি দিয়ে চৰকাৰী নিযুক্তি পত্ৰ।

    আজি ৰাজ্যৰ প্ৰায় ২২ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলি দিয়ে চৰকাৰী নিযুক্তি পত্ৰ।

    আজি ৰাজ্যৰ প্ৰায় ২২ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলি দিয়ে চৰকাৰী নিযুক্তি পত্ৰ।

    • Share this:
    আজি খানাপাৰত ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৩ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ হাতত তুলি দিলে চৰকাৰী চাকৰিৰ নিযুক্তিপত্ৰ। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৭,৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সেইদৰে জুলাই মাহৰে শেষৰ সপ্তাহত অনুষ্ঠিত হ'ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা।

    ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, 'বঞ্চিত হলেই আদালতলৈ যোৱা প্ৰৱণতা আমি পৰিহাৰ কৰিব লাগিব। এইপৰ্য্যন্ত আমাৰ চৰকাৰৰ এবছৰীয়া কাৰ্য্যকালত ২৮ হাজাৰ চাকৰি দিলো। পুলিচ কনিষ্টবল চাকৰি পোৱা সকলে কেতিয়াও দুখীয়া মানুহৰ ওপৰত লাঠি নচলাব।পুলিচ কনিষ্টবলৰ দৰমহা খিনি ভগৱানৰ দান আৰু এক্সটা নলব। পুলিচৰ পোচাকত জেপ কাটোতা নহ'ব। আৰক্ষী বিষয়াই কলেও কোনেও পইচা সংগ্ৰহ নকৰিব। অপৰাধ আৰু অপৰাধীক দেখিলে কঠোৰ হ'ব লাগিব।'
    Published by:Himangshu Bhuyan
    First published: