মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাপ্তাহিক কেবিনেট বৈঠক দুদিনলৈ স্থগিত কৰা হৈছে ৷ বুধবাৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকখন মুখ্যমন্ত্ৰী গুৱাহাটীৰ বাহিৰত থকাৰ বাবে স্থগিত ৰখা হয় ৷
এই হিচাপত শুকুৰবাৰে আবেলি চাৰি বজাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া বৈঠক কেবিনেট বৈঠক কইনাধৰাত অনুষ্ঠিত হ'ব। ইপিনে মাহৰ এখন কেবিনেট প্ৰথমবাৰলৈ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ'ব ধেমাজিত ৷ কিন্তু ৩০ ছেপ্তেম্বৰলৈ স্থগিত কৰা হৈছে ধেমাজিৰ কেবিনেট৷