• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Cabinet Decisions: মাইক্ৰফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকললৈ ভালখবৰ! OBC সকলৰ বাবেও কেবিনেটে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Assam Cabinet Decisions: মাইক্ৰফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকললৈ ভালখবৰ! OBC সকলৰ বাবেও কেবিনেটে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ধেমাজিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।

ধেমাজিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।

ধেমাজিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।

  • Share this:
ধেমাজিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে। এতিয়াৰ পৰা মাহৰ এখন কেবিনেট দিছপুৰৰ বাহিৰত হ'ব। কেবিনেটলৈ অহাৰ সময়ত দুদিন মন্ত্ৰীসকলে জিলা ভ্ৰমণ কৰিব। নৱেম্বৰৰ পহিলা সপ্তাহত বঙাইগাঁৱত আৰু ডিচেম্বৰৰ পহিলা সপ্তাহত হাফলঙত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব।

আজিৰ কেবিনেটৰ সিদ্ধান্তঃ

  • পূৰ্বে OBCৰ চাৰ্টিফিকেট OBC বৰ্ডে দিছিল৷ এতিয়াৰে পৰা সংশ্লিষ্ট জনগোষ্ঠীৰ বৰ্ডে দিব৷ মটকসকলৰ মটক সন্মিলনীয়ে দিব৷ DCয়ে কাউণ্টাৰ চাইন কৰিব৷

  • মুককচেলেং (জোনাই) আৰু চাৰিকৰিয়া (ঢকুৱাখনা)ৰ ট্ৰাইবেল বেল্টত টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি কিনা বেচা কৰিব পাৰিব ৷ পিছে সেইসকল লোক ২০১১ৰ পূৰ্বৰে পৰা সেই অঞ্চলত থকা হ'ব লাগিব।

  • চাৰিকৰিয়া ট্ৰাইবেল বেল্ট আৰু ব্লক আইডিনটিফাইড আৰু নাথাকিব। 

  • মিছন বসুন্ধৰা আঁচনি দুই অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৷

  • ডিব্ৰুগড় আৰু শিলচৰ মিউনিচিপেলিটি বৰ্ডক ক'ৰপৰেচনলৈ উন্নীত কৰা হ'ব।

  • জাগীৰোড আৰু শিলচৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৭০০ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত ৷ মাটিবোৰ চৰকাৰৰ হ'ব ৷

  • মাইক্ৰফাইনেন্সৰ ঋন লোৱা সকলৰ বাবে ১৮০০ কোটি টকা ৷

Published by:Himangshu Bhuyan
First published: