চাকৰি প্ৰাৰ্থীৰ বাবে ভালখবৰ! ৰাজ্য চৰকাৰৰ বহু কেইটা বিভাগত খালী হৈছে পদ, আজিয়েই কৰক আবেদন

News18 Assam | News18-Assam
Updated:October 1, 2020, 4:00 PM IST
চাকৰি প্ৰাৰ্থীৰ বাবে ভালখবৰ! ৰাজ্য চৰকাৰৰ বহু কেইটা বিভাগত খালী হৈছে পদ, আজিয়েই কৰক আবেদন
Source-Google

ৰাজ্য চৰকাৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগে খালী হৈ থকা পদ পূৰণৰ বাবে জাৰি কৰিছে বিজ্ঞাপন।

  • Share this:
দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা কেলেংকাৰীৰ তদন্তত এতিয়া ফাদিল হৈছে বহু ৰহস্য।তাৰ মাজতে এতিয়া ৰাজ্য চৰকাৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগে খালী হৈ থকা পদ পূৰণৰ বাবে জাৰি কৰিছে বিজ্ঞাপন।

স্বাস্থ্য সেৱা সঞ্চালকালয়ত খালী হৈছে প্ৰায় ৫৯৪টা তৃতীয় বৰ্গৰ পদ-

আবেদনৰ অন্তিম তাৰিখ- ২১-১০-২০২০।

১. ৰেফ্ৰিজেটৰ মেকানিক- খালী পদৰ সংখ্যা-এটা
শিক্ষাগত অৰ্হতা- উচ্চতৰ মাধ্যমিক আৰু আই টি আই ডিপ্লমা থাকিব লাগিব।
২. এই এন এম
খালী পদৰ সংখ্যা- ৫৪৫

শিক্ষাগত অৰ্হতা- অসম চৰকাৰৰ শিক্ষানুষ্ঠানৰ পৰা এই এন এৰ প্ৰশিক্ষণ প্ৰাপ্ত হ’ব লাগিব।
৩ কম্পিউটাৰ
খালী পদ- ১৬টা
শিক্ষাগত অৰ্হতা- স্নাতক, নূন্যতম ছমাহৰ কম্পিউটাৰ ডিপ্লমা টাৰ্টিফিকেট।
৪. জুনিয়ৰ এচিচটেণ্ট
খালী পদ- ৮ টা
শিক্ষাগত অৰ্হতা-স্নাতক, নূন্যতম ছমাহৰ কম্পিউটাৰ ডিপ্লমা টাৰ্টিফিকেট।
৫. ফিল্ড ৱৰ্কাৰ, ছচিয়েল ৱৰ্কাৰ
খালী পদ-১১টা
শিক্ষাগত অৰ্হতা- উচ্চতৰ মাধ্যমিক,নূন্যতম ছমাহৰ কম্পিউটাৰ ডিপ্লমা টাৰ্টিফিকেট।
৬. ফিল্ড এণ্ড ইভাল’ৱেটৰ
খালী পদ- ৩টা।
শিক্ষাগত অৰ্হতা- উচ্চতৰ মাধ্যমিক,নূন্যতম ছমাহৰ কম্পিউটাৰ ডিপ্লমা টাৰ্টিফিকেট।
৭. ষ্টেন টাইপিষ্ট
খালী পদ- ৭টা
শিক্ষাগত অৰ্হতা- স্নাতক, ষ্টেনগ্ৰাফীৰ ডিপ্লমা।
৮. লাইব্ৰেৰী টেকনিচিয়ান
খালী পদ- তিনিটা
শিক্ষাগত অৰ্হতা- উচ্চতৰ মাধ্যমিক, লাইব্ৰেৰী টেকনিচিয়ানৰ ডিপ্লমা।

আবেদন প্ৰক্ৰিয়া- অনলাইন(৬ অক্টোবৰ ২০২০)

  • অসম লোকসেৱা আয়োগৰ ৩৩১টা খালী পদৰ বাবে আবেদন বিচৰা হৈছে।

  • জল জীৱন মিছনত খালী হৈছে ৮৪টা টেকনিকেল অফিচাৰৰ পদ।

  • হাইস্কুলত খালী হৈছে ৫৭৪৬টা স্নাতক শিক্ষকৰ পদ। বৰ্তমান টলি আছে আবেদন প্ৰক্ৰিয়া।

  • Directorate of Employment & Craftsmen Training (DECT)ত খালী হৈছে প্ৰায় ৪৪৪টা তৃতীয় বৰ্গৰ পদ। আবেদনৰ অন্তিম তাৰিখ- ১০-১০-২০২০

Published by: Himangshu Bhuyan
First published: October 1, 2020, 4:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading