ল’ক ডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীলৈ সুখবৰ, ৰাজ্যৰ বহু কেইটা বিভাগত পদ খালী

News18 Assam | News18-Assam
Updated:May 9, 2020, 1:46 PM IST
ল’ক ডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীলৈ সুখবৰ, ৰাজ্যৰ বহু কেইটা বিভাগত পদ খালী
ল’ক ডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীৰ বাবে আছে বহু কেইটা ভাল খবৰ

ল’ক ডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীৰ বাবে আছে বহু কেইটা ভাল খবৰ

  • Share this:
ল’ক ডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীৰ বাবে আছে বহু কেইটা ভাল খবৰ। ৰাজ্যৰ বহু কেইটা চৰকাৰী আৰু চৰকাৰী অধীনস্থ বিভাগত খালী হৈছে পদ।

১. লখিমপুৰ মেডিকেল কলেজ, হাস্পতালৰ বাবে খালী হৈছে ৭৯ টা পদ।

একাউণ্টেণ্ট, একাউণ্ট এচিচটেণ্ট, এল ডি এ, কম্পিউটাৰ অপাৰেটৰ আদি বিভিন্ন পদ খালী হৈছে।

শিক্ষাগত অৰ্হতা- পদ অনুযায়ী শিক্ষাগত অৰ্হতা ভিন ভিন। কিন্তু প্ৰায় সংখ্যক পদৰ বাবে স্নাতক আৰু কমেও ছমহীয়া কম্পিউটাৰ ডিপ্লমা কোৰ্ছ বাধ্যতামূলক।

  • বয়স- ১৮ৰ পৰা ৩৮ বছৰ।

  • অহা ১২ মে’ তাৰিখৰ পৰা www.dme.assam.gov.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব।



২. ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত খালী হৈছে বহু পদ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত ২৩৩ টা কনচাল্টটেণ্ট, প্ৰ’গেম কো-অৰ্ডিনেটৰ, কোৱালিটী কনচাল্টটেণ্ট, জিলা একাউণ্ট মেনেজাৰ, জিলা ডাটা মেনেজাৰ, হাস্পিতেল এডমিনিচট্ৰেটৰ আদি পদ খালী হৈছে।

  • শিক্ষাগত অৰ্হতা- পদ অনুযায়ী শিক্ষাগত অৰ্হতা ভিন ভিন।

  • অহা ১৫ মে’লৈকে কৰিব পাৰিব অনলাইন আবেদন। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ ৱেবচাইটত চাব পাৰিব সবিশেষ।


৩. স্বাস্থ্য শিক্ষা সঞ্চালকালয়ত খালী হৈছে ৩৩৩টা পদ।

লখিমপুৰ চিকিত্‍সা মহাবিদ্যালয়ৰ বাবে স্বাস্থ্য শিক্ষা সঞ্চালকালয়ত ৩৩৩ টা টেকনিকেল পদ খালী হৈছে।

নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, অথেনটিক টেকনিচিয়ান , ৰেডিঅ’গ্ৰাফিক টেকনিচিয়ান ইত্যাদি। পদ অনুসৰি শিক্ষাগত অৰ্হতা ভিন ভিন।

  • ১৫ মে’ৰ পৰা আৰম্ভ হ’ব আনলাইন আবেদন প্ৰক্ৰিয়া।


৪. অসম কৃষি বিশ্ব বিদ্যালয়ত খালী হৈছে পদ।

অসম কৃষি বিশ্ববিদ্য়ালয়ত চিনিয়ৰ প্ৰজেক্ট এছ’চিয়েট, প্ৰজেক্ট এছ’চিয়েট, ফিল্ড ৱৰ্কাছৰ পদ খালী।

  • পদ অনুয়াযী শিক্ষাগত অৰ্হতা ভিন ভিন। ইচ্ছুক পাৰ্থীয়ে নিজৰ বায়’ডাটা recruit2020ttb@gmail.com ত ২০ মে’ ২০২০ ভিতৰত পঠিয়াব লাগিব।


৫. আসাম ষ্টেট লাইভলীহোড মিছনত পদ খালী

অসম ষ্টেট লাইভলীহোড মিছনত খালী হৈছে ৪০ টা প্ৰজেক্ট মেনেজাৰ, য়ংগ প্ৰফেছ’নেল, খণ্ড সমন্বয়ক, জিলা ফাংছনেল এক্সপাৰ্ট পদ।

  • পদ অনুযায়ী শিক্ষাগত অৰ্হতা ভিন ভিন।

  • http://asrlms.com ৱেৱচাইটত ১১ মে’ৰ পৰা ১১ জুনৰ ভিতৰত আবেদন কৰিব পাৰিব।

First published: May 9, 2020, 1:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading