உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শীঘ্ৰেই ৫৮গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে

    শীঘ্ৰেই ৫৮গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে

    নতুন শিক্ষা নীতি সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই শিক্ষা উপদেষ্টাগৰাকীয়ে।

    নতুন শিক্ষা নীতি সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই শিক্ষা উপদেষ্টাগৰাকীয়ে।

    নতুন শিক্ষা নীতি সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই শিক্ষা উপদেষ্টাগৰাকীয়ে।

    • Share this:
    শীঘ্ৰেই ৫৮গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে (take action against 58 college teachers)। চৰকাৰৰ হাতত পৰিছে এহেজাৰৰো অধিক কলেজ শিক্ষকৰ বিৰুদ্ধে ভুৱা ডিগ্ৰীৰ অভিযোগ। এইক্ষেত্ৰত ৫৮গৰাকী কলেজ শিক্ষকৰ ভুৱা ডিগ্ৰীৰ তথ্য ইতিমধ্যে প্ৰমাণ হৈছে অসম চৰকাৰৰ (Assam government) তদন্তত।

    গতিকে ভুৱা ডিগ্ৰী প্ৰমাণ হোৱা কলেজ শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। আজি আমিনগাঁৱত এই বিষয়ে সদৰী কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই (Academic Advisor Nani Gopal Mahanta)। ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান মনস্কতা বৃদ্ধিৰ বাবে আমিনগাঁও সৰলা-বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ত আয়োজন কৰা বিজ্ঞান কৰ্মশালাত এই মন্তব্য শিক্ষা উপদেষ্টাগৰাকীৰ।

    নতুন শিক্ষা নীতি সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই শিক্ষা উপদেষ্টাগৰাকীয়ে। তেওঁ ২০২২ বৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয় পৰ্যায়ত নতুন শিক্ষা নীতি আৰম্ভ হ'ব বুলি উল্লেখ কৰে। আনহাতে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত ২০২৩ বৰ্ষৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষা নীতিৰ ৰূপৰেখা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: