কাইলৈ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ব অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিস্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে শাসনলৈ অহাৰ এবছৰৰ ভিতৰত এক লাখ চাকৰি প্ৰদান কৰাৰ অভিযান উপলক্ষে প্ৰায় ৩০,০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা আগষ্ট মাহৰ দুটা দিনত অনুষ্ঠিত কৰিব।
তথ্য অনুসৰি, কাইলৈ ২১ আগষ্ট আৰু ২৮ আগষ্ট তাৰিখে দুটা পৰ্যায়ত ক্ৰমে আয়োজিত হ’ব চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। জানিব পৰা মতে, এই দুয়োটা পৰীক্ষাত সৰ্বমুঠ ১৪,৩০,৩৩৭ জন প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। ইয়াৰে ১৩,৩০০ গৰাকীযে কাইলৈৰ পৰীক্ষাত অৱতীৰ্ণহ'ব।
২১ আগষ্টত অনুষ্ঠিত হ’ব লগা পৰীক্ষা–অসম চৰকাৰৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ২১ আগষ্টত দুটা পৃথক সময়ত পতা হ’ব। উক্ত দিনটোত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা শ্বিফ্টত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হ’ব। ২৮ আগষ্টত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো উক্ত সময় অনুসৰিয়েই আয়োজন কৰা হৈছে। উল্লেখ্য যে, এই দুয়োটা পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব।
পৰীক্ষাৰ বিষয়বোৰ হ'ব ইংৰাজী, সামাজিক অধ্যয়ন, গণিত, সাধাৰণ জ্ঞান, মানসিক সামৰ্থ্য আৰু লজিকেল ৰিজনিং।
পৰীক্ষাৰ্থীসকলে www.assam.gov.in ৱেবচাইটৰ পৰা নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (এছএলআৰচি)এ ৰাজহুৱা কৰা জাননীত উল্লেখ কৰা হৈছে যে পৰীক্ষাত উত্তৰ অশুদ্ধ হ’লে কোনো ঋণাত্মক (নেগেটিভ মাৰ্ক) নম্বৰ নাথাকিব আৰু প্ৰশ্নকাকতত এটাকৈ মুঠ ১৩৫টা প্ৰশ্ন থাকিব। প্ৰাৰ্থীসকলে দুঘণ্টাৰ ভিতৰত কাকতখন শেষ কৰিব লাগিব।
পৰীক্ষাবোৰ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে চৰকাৰে যিবোৰ ঠাইত পৰীক্ষা অনুষ্ঠিত কৰিব সেই ঠাইসমূহত পৰীক্ষাৰ সময়ছোৱাত মোবাইল ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। মন কৰিবলগীয়া যে, অসমৰ ৩৫ খন জিলাৰ ভিতৰত মুঠ ২৫ খন জিলাত হ’ব এই পৰীক্ষাবোৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোবাইল ইণ্টাৰনেট বন্ধ কৰাৰ ফলত অসমৰ ৰাইজৰ অসুবিধাৰ সৃষ্টি হ’ব বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰে। তেখেতে কয় যে, যেতিয়া মোবাইল ইণ্টাৰনেট বন্ধ কৰা হ'ব সেই সময়ত তাঁৰযুক্ত ইণ্টাৰনেট সেৱা উপলব্ধ থাকিব। জানিব পৰা মতে চৰকাৰে এই পদক্ষেপটো লোৱাৰ কাৰণটো হৈছে যে যাতে পৰীক্ষাৰ সময়ত কোনোৱে হোৱাটছএপ যোগে প্ৰশ্নকাকত প্ৰেৰণ কৰিব নোৱাৰে চৰকাৰে কোনো বিসংগতি তথা বিপদাশংকা নোহোৱাকৈ উক্ত পৰীক্ষা সম্পন্ন কৰিব বিচাৰিছে।
গুৰুত্বপূৰ্ণ যে, অতীতত নিযুক্তি অভিযানৰ সময়ত বিভিন্ন অনিয়মৰ উদাহৰণ আছে যাৰ ভিতৰত আছে ৰাজ্যিক অসামৰিক সেৱা আৰু আৰক্ষী বিভাগত পদৰ পৰীক্ষা অন্যতম। গতিকে,এনে বিসংগতি যাতে নহওঁক তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপসমূহ লোৱা হৈছে বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰীয়ে সকলো বিষয়াক বিভিন্ন চৰকাৰী পদত স্বচ্ছভাৱে দক্ষ যুৱক-যুৱতী নিয়োগৰ বাবে এক নিখুঁত প্ৰণালী বজাই ৰখাৰ বাবে SOP পালন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে প্ৰতিখন জিলাত এজন ন'ডেল বিষয়া নিযুক্ত কৰা হ'ব আৰু SOP বোৰ সঠিকভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত ৰাজপত্ৰিত বিষয়াসকলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হ'ব।
প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়া নিয়োজিত কৰা হ'ব যাক আন আৰক্ষী কৰ্মীয়ে সহায় কৰিব। প্ৰাৰ্থীসকলৰ লগতে ইনভিজিলেটৰসকলক পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন বা আন যিকোনো ইলেক্ট্ৰনিক গেজেট কঢ়িয়াবলৈ বাধা দিয়া হৈছে।
প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই পৰীক্ষা প্ৰক্ৰিয়াৰ ভিডিঅ'গ্ৰাফী কৰিবলৈ দুজন ভিডিঅ'গ্ৰাফাৰ নিয়োজিত কৰিবলৈও চৰকাৰে আদেশ দিছে। সেই নিৰ্দিষ্ট শ্বিফ্টৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰত পুনৰ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। এই পৰীক্ষাত কিবা খেলিমেলি হ'লে জিলাৰ উপায়ুক্ত দায়বদ্ধ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|