মুখ্যপৃষ্ঠা »খবৰ »অসম »২৫ মে’ত ৪৫ হাজাৰ পদত নিযুক্তি, ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২৫ মে’ত ৪৫ হাজাৰ পদত নিযুক্তি, ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সকলোখিনি হ’লে ৮৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ ক্ষেত্ৰত জুলাই মাহত অতিৰিক্ত তালিকা ওলাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

সকলোখিনি হ’লে ৮৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ ক্ষেত্ৰত জুলাই মাহত অতিৰিক্ত তালিকা ওলাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

সকলোখিনি হ’লে ৮৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ ক্ষেত্ৰত জুলাই মাহত অতিৰিক্ত তালিকা ওলাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

  • Share this:
২৫ মে’ত ৪৫ হাজাৰ পদত নিযুক্তি দিব ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘২৫ মে’ৰ দিনৰ ৩ বজাত নিযুক্তিৰ সমাৰোহ আয়োজন কৰিছোঁ। ৪৫ হাজাৰ নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু দিব্যাংগ সকলৰ স্বাস্থ্যৰ পৰীক্ষা পাছ নোহোৱাত ফলাফল Withheld কৰি ৰখা হৈছে৷ তাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পোৱা ব্যক্তিৰ সংখ্যা হ’বগৈ ৪৪,৭০৩গৰাকী।’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ইয়াৰ ভিতৰত তৃতীয় শ্ৰেণীত ১১,০৪৮গৰাকী, চতুৰ্থ বৰ্গত ১৩৭৩৯ গৰাকী, অসম আৰক্ষীত ১২৭৯জন, অসম পুলিচ ৰেডিঅ’ অৰ্গেনাইজেচনত ৫৫৩জন, ফায়াৰ এণ্ড এমাৰজেন্সী ছাৰ্ভিচত ৩৯জন, হোম গাৰ্ডত ৩০৭জন, জে’লত ৩০১জন, আবকাৰী বিভাগত ২২২জন আৰু ফৰেষ্ট বেটেলিয়নত ২৭২০জন। অসমত আৰক্ষীৰ ছহীদ পৰিয়ালৰ ২৩১জনে পাব নিযুক্তি। স্বাস্থ্য বিভাগত সৰ্বমুঠ নিযুক্তি হ’ব ৫২৮১টা। শিক্ষা বিভাগত মহাবিদ্যালয়ৰ অধ্যাপক আৰু তৃতীয়–চতুৰ্থ শ্ৰেণীৰ ৭০৪গৰাকীয়ে নিযুক্তি পাব। ইয়াৰ ভিতৰত অধ্যাপকৰ সংখ্যা ৪২১ গৰাকী এছিষ্টেণ্ড প্ৰফেচাৰ নিযুক্তি দিয়া হ’ব। কলেজ শিক্ষকৰ সহকাৰী অধ্যাপক আৰু কৰ্মচাৰীৰ পৰীক্ষাৰ ফলাফল আজি ৪ বজাত পৰ্টেলত উপলব্ধ হ’ব৷ মাধ্যমিক শিক্ষকৰ ২৩৩২ পদত নিযুক্তি হ’ব। এইবাৰৰ শিক্ষক নিযুক্তিত কোনো বাহিৰৰ লোকে পোৱা নাই৷ কাকতত প্ৰকাশ পোৱা বাতৰি শুদ্ধ নহয়।’’

এই সকলোখিনি হ’লে ৮৮ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিৰ ক্ষেত্ৰত জুলাই মাহত অতিৰিক্ত তালিকা ওলাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। এইখিনি হ’লে ৮৯ হাজাৰ নিযুক্তি হ’বগৈ৷ বাকী থাকিব ১১ হাজাৰ নিযুক্তি৷ এক লাখৰ বিপৰীতে আমি এক লাখ ১৫ হাজাৰ নিযুক্তি দিম বুলি মন্তব্য কৰে ড০ শৰ্মাই। শীঘ্ৰে আৰু ২২,৭৬৫টা পদৰ অতিৰিক্ত বিজ্ঞাপন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। বিদ্যুৎ পৰিষদত ২৫০০টা, কৃষি বিভাগত ২৫০০টা তৃতীয় বৰ্গৰ পদ, আৰক্ষীত ২০০০টা পদ, স্বাস্থ্য বিভাগত ৬০০ পদ, বিভিন্ন বিভাগত তৃতীয় বৰ্গৰ ২৫১৯টা, চতুৰ্থ বৰ্গত ১৩৪৭টা, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত ১০০০টা, শিক্ষা বিভাগত ১০২১৯টা পদৰ বিজ্ঞাপন ওলাব।

‘‘খানাপাৰাত ২৫ মে’ৰ দিনা আবেলি ২:৩০ বজাত প্ৰাৰ্থীসকলে আহি প্ৰৱেশ কৰিব৷ তিনি বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিযুক্তি বিতৰণ কৰিব৷ এইবাৰ পেণ্ডেল আমি বনোৱা নাই। চৰকাৰী ধনৰ খৰছ কমোৱাৰ বাবে বনোৱা নাই। প্ৰাৰ্থীসকলে পৰিচয় পত্ৰ লৈ আহিব। ১৫ দিনৰ ভিতৰত চাকৰিত যোগ দিব লাগিব৷’’ – ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নতুনকৈ চাকৰি পোৱাসকলক চৰকাৰে প্ৰয়োজনত বেলেগ বিভাগত বদলি কৰিব পাৰিব। এইক্ষেত্ৰত এখন অধ্যাদেশ জাৰি কৰা হৈছে৷ এই অধ্যাদেশ পুৰণা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷

শেহতীয়া বাতৰি