உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক সংকটঃ বিত্ত বিভাগৰ অনুমতি অবিহনে ল’ব নোৱাৰিব কোনো আঁচনি, বিধায়ক পুঁজিৰ ধন ৪ মাহৰ বাবে বন্ধ

    ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক সংকটঃ বিত্ত বিভাগৰ অনুমতি অবিহনে ল’ব নোৱাৰিব কোনো আঁচনি, বিধায়ক পুঁজিৰ ধন ৪ মাহৰ বাবে বন্ধ

    ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক সংকট

    ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক সংকট

    ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক সংকট

    • Share this:
    কোৰোণা ভাইৰাছৰ বাবে এতিয়া সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত ৰাজ্যত এতিয়া ভয়াৱহ বিত্তীয় সংকট। ল’ক ডাউনৰ ফলত ৰাজ্যত ৰাজহ সংগ্ৰহৰ পৰিমাণ ৮০ শতাংশলৈ হ্ৰাস। তাৰ মাজতে ৰাজ্যৰ অৰ্থনীতি কিছু স্বাভাৱিক কৰিবলৈ বিত্তবিভাগে জাৰি কৰিছে বিশেষ বিশেষ নিৰ্দেশনা।  এতিয়াৰ পৰা বিত্ত বিভাগৰ অনুমোদন অবিহনে কোনো প্ৰশাসনীয় বিভাগে নতুন আঁচনি গ্ৰহণ কৰিব নোৱাৰিব। এই কথা সংবাদমেলত জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    মন্ত্ৰী শৰ্মাই লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে সংবাদমেলতঃ

    • এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ কোনো বিভাগে নতুন গাড়ী কিনিব নোৱাৰিব ৷ কিনিব লগীয়া হ'লে মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব ৷ এই সময়ছোৱাত কোনো অনুষ্ঠান চৰকাৰে নাপাতে ৷

    • ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মুখ্য ন্যায়াধীশৰ বাহিৰে কোনেও ‘Executive class’ত ভ্ৰমণ কৰিব নোৱাৰিব ৷ কোনো চৰকাৰী বিষয়াই চৰকাৰী খৰচত ভ্ৰমণ কৰিব নোৱাৰিব ৷ বিলাসী হোটেলত থাকিব নোৱাৰিব।

    • বিধায়ক পুঁজিৰ ধন প্ৰথম চাৰি মাহ মুকলি কৰি দিয়া নহ'ব।

    • শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ বাবে কমিটিয়ে চাৰি মে'ৰ ভিতৰত পৰামৰ্শ দিব।

    • ৩৬০০ কোটি দৰমহাৰ বাবে লাগে মাহেকত ৷ কেন্দ্ৰীয় চৰকাৰে বাৰশ কোটি টকা মুকলি কৰি দিছে ৷ 

    Published by:Himangshu Bhuyan
    First published: