ভাল খবৰ! ৰাজ্যৰ ২২ সহস্ৰাধিক এন এইচ এমৰ কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা ৭ জুনতে এন এইচ এমৰ কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভত প্ৰথমাবাৰলৈ আনুষ্ঠানিক ভাবে সিদ্ধান্ত লোৱা হৈছিল।
স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা ৭ জুনতে এন এইচ এমৰ কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভত প্ৰথমাবাৰলৈ আনুষ্ঠানিক ভাবে সিদ্ধান্ত লোৱা হৈছিল।
- News18 Assam
- Last Updated: September 7, 2020, 9:15 AM IST
এই সন্দৰ্ভত যোৱা ২৭ আগষ্টত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ উপ-সচিব সৌৰভ সেনাপতিয়ে এন এইচ এমৰ মিছন সঞ্চালকাললৈ পত্ৰ প্ৰেৰণ কৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিৰ ম্যাদ বৃদ্ধি, ই এল, চি এল, মাতৃত্বকালীন ছুটি, গ্ৰেচুইটি আদিৰ সুবিধা প্ৰদানৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
ইফালে মিছন সঞ্চালকৰ কাৰ্যালয়ত যোৱা ৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে সঞ্চালকৰ সৈতে এই দাবী সমূহ পূৰণৰ বাবে এখন আলোচনাতো মিলিত হৈছিল। ইতিমধ্যে বিভাগৰ উপ-সচিবে প্ৰেৰণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত বিশদ ভাবে আলোচনা কৰা হৈছিল সভাত।