পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ নিদিয়া ৬টা বিভাগৰ দৰমহা বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে ৷ বৃহস্পতিবাৰে বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে ৬টা বিভাগে ২০০১ৰ পৰা পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ দাখিল কৰা নাই ৷
![]()
ভাৰতৰ হিচাপ পৰীক্ষকৰ (CAG)ৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পিছতে বিত্ত বিভাগে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷
![]()
নিৰ্দেশনাটোত উল্লেখ কৰা মতে গৃহ আৰু ৰাজনীতি, উচ্চ শিক্ষা, গুৱাহাটী উন্নয়ন বিভাগ, সংখ্যালঘূ উন্নয়ন বিভাগ, কৃষি আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগে দাখিল কৰা নাই পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|