• Home
  • »
  • News
  • »
  • assam
  • »
  • ছাত্ৰ-ছাত্ৰীৰ অভাৱ! ১০ বছৰৰ পিছত বন্ধ হৈ পৰিব নেকি অসমৰ সকলো চৰকাৰী বিদ্যালয়? মুখ্যমন্ত্ৰীৰ মুখত শিক্ষকৰ বাধ্যতামূলক অৱসৰৰ কথা

ছাত্ৰ-ছাত্ৰীৰ অভাৱ! ১০ বছৰৰ পিছত বন্ধ হৈ পৰিব নেকি অসমৰ সকলো চৰকাৰী বিদ্যালয়? মুখ্যমন্ত্ৰীৰ মুখত শিক্ষকৰ বাধ্যতামূলক অৱসৰৰ কথা

শিক্ষক নিযুক্তি ঠিকে হৈ আছে, কিন্তু চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈ আছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শিক্ষক নিযুক্তি ঠিকে হৈ আছে, কিন্তু চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈ আছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শিক্ষক নিযুক্তি ঠিকে হৈ আছে, কিন্তু চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈ আছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • Share this:
১০ বছৰৰ পিছত বন্ধ হৈ পৰিব নেকি অসমৰ সকলো চৰকাৰী বিদ্যালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ'ল অসমৰ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ কথা। ২০১২ চনত অসমৰ ৮০ শতাংশ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়লৈ গৈছিল। কিন্তু বৰ্তমান ৬৮ শতাংশৰ তললৈ নামি গৈছে। এনেদৰে যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাই গৈ থাকে তেন্তে অহা ১০ বছৰৰ পিছত অসমৰ সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষকক বাধ্যতামূলক অৱসৰ দিব লাগিব। কাৰণ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়েই নাথাকিব। এনেদৰে শংকা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে,'এতিয়া বিদ্যালয় একত্ৰিকৰণ কৰা হৈছে। কিন্তু একত্ৰিকৰণৰ পিছতো যেতিয়া স্কুলত ছাত্ৰ-ছাত্ৰী নাথাকিব তেতিয়া আমাৰ হাতত কি শেষ উপায় থাকিব। গুৱাহাটী মহানগৰীত এতিয়া এনে অৱস্থা, চৰকাৰী স্কুল প্ৰায় কেইখনেই বন্ধ কৰি দিব পৰা হ'ব। কাৰণ সেই স্কুলবোৰত সাংঘাটিক ধৰণে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈছে।মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত যদি ৰাজ্যত ৰাস্তা নহয়, মেডিকেল নহয়; তেন্তে ৰাইজে মোকেই জগৰীয়া কৰিব ৷ এতিয়া স্কুলত ছাত্ৰ-ছাত্ৰী কমি যোৱাৰ বাবে জগৰীয়া কোন হ'ব। ৰাজ্যৰ GDPৰ ৬% শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰা হয়।'
Published by:Himangshu Bhuyan
First published: