শীঘ্ৰে একত্ৰিকৰণ হ'ব ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয়। বিশেষকৈ প্ৰাথমিক স্তৰত বিদ্যালয়ৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয় সমূহত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰয়োজন সাপেক্ষে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত একত্ৰিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে। ছাত্ৰ-ছাত্ৰী কম থাকিলে ব্যৱস্থাপনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে এই ব্যৱস্থা ল'ব শিক্ষা বিভাগে।
শিক্ষাৰ অধিকাৰ আইন অনুসৰি এক কিলোমিটাৰ ব্যাসাৰ্ধত এখন প্ৰাথমিক বিদ্যালয় আৰু প্ৰতি তিনি কিলোমিটাৰ ব্যৱধানত এম এই স্কুল আৰু পাছ কিলোমিটাৰ ব্যৱধানত এখন একোখনকৈ হাইস্কুল থাকিব লাগে।কিন্তুবহু ঠাইত প্ৰাথমিক স্তৰত যিমান বিদ্যালয় থাকিব লাগে,তাতোকৈ বেছি বিদ্যালয় আছে। তাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।