মুখ্যপৃষ্ঠা »খবৰ »অসম »পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে জিলিকাই তোলা হ’ব বটদ্ৰৱা থান, থানৰ শোভা বৰ্ধনৰ বাবে আগবঢ়োৱা হৈছে ১৮০ কোটি টকা

পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে জিলিকাই তোলা হ’ব বটদ্ৰৱা থান, থানৰ শোভা বৰ্ধনৰ বাবে আগবঢ়োৱা হৈছে ১৮০ কোটি টকা

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

  • Share this:
গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আমিনগাঁৱত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছে এখন বিশাল জনসভা। আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিব চাৰিখনকৈ বিশেষ অভিলাসী আঁচনি। অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘ এনেকুৱা মংগলময় দিন বহুত কম আহে। য’ত সকলো ভকতবৃন্দ একে স্থানতে সমবেত হয়। এনেকুৱা দিন পূৰ্বে কোনোও দেখা নাছিল’

বটদ্ৰৱা থানৰ প্ৰসংগ মন্ত্ৰী শৰ্মাই কয় যে, ‘আমাৰ বাবে বেয়া দিন আছিল, যি সময়ত বটদ্ৰৱা থানৰ মাটি সন্দেহযুক্ত লোকে দখল কৰিছিল। বটদ্ৰৱা থানৰ পৰা আমি সন্দেহযুক্ত লোকসকলক খেদিবলৈ সক্ষম হলো। বটদ্ৰৱা থানৰ বাবে ১৮০ কোটি টকা মুকলি কৰিব আজি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে এই প্ৰকল্প বিশ্ববাসীৰ সন্মুখত জাকত জিলিকা হওক।’

২০২১ বৰ্ষৰ জুলাইত সম্পূৰ্ণ হ’ব এইমছ । ২০০০ তকৈ অধিক বিছনা থাকিব গুৱাহাটীৰ নতুন চিকিৎসা মহাবিদ্যালয়ত। ৮০০ কোটি টকা ব্যায় কৰা হ’ব।’

শেহতীয়া বাতৰি