নিউজ18ৰ বাতৰিৰ প্ৰভাৱ! চৰকাৰে ৫ মাহৰ দৰমহা প্ৰদান কৰিলে আয়ুষ্মান মিত্ৰক

বিগত ৬মাহে বিনা বেতনে চৰকাৰী আয়ুস্মান মিত্ৰসকলে কৰ্মত নিয়োজিত হৈ আছিল।
বিগত ৬মাহে বিনা বেতনে চৰকাৰী আয়ুস্মান মিত্ৰসকলে কৰ্মত নিয়োজিত হৈ আছিল।
- News18 Assam
- Last Updated: January 22, 2021, 10:35 PM IST
ল'কডাউনৰ সময়ছোৱাতো কৰ্তব্য পালন কৰা আয়ুস্মান মিত্ৰসকলে দৰমহা নোপোৱাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল। স্বাস্থ্য বিভাগত ষ্টেট ন'ডেল চেলৰ কৰ্তৃপক্ষই আয়ুস্মান মিত্ৰ সকলক বিহুৰ পূৰ্বে দৰমহা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু উৰুকাৰ দিনাও দৰমহা নাপাই আয়ুস্মান মিত্ৰসকলে অৱশেষত টুইটাৰ যোগে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দৰমহা প্ৰদানৰ বাবে আহ্বান জনাইছিল। এই সমগ্ৰ বিষয় সামৰি নিউজ১৮ অসমৰ ডিজিটেল পেজত প্ৰকাশ পাইছিল বাতৰি।
অৱশেষত আয়ুস্মান মিত্ৰসকলৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনালে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰী চিকিৎসালয়ত কৰ্মৰত আয়ুস্মান মিত্ৰসকলক প্ৰদান কৰিলে ৫মাহৰ দৰমহা। বেচৰকাৰী চিকিৎসায়ত কৰ্মৰত আয়ুস্মান মিত্ৰসকলেও লাভ কৰিলে অনাদায় হৈ থকা ২মাহৰ দৰমহা। স্বাস্থ্যমন্ত্ৰী গৰাকীৰ এই পদক্ষেপক শলাগিছে আয়ুস্মান মিত্ৰসকলে। লগতে তেঁওলোকৰ চাকৰিৰ অনিশ্চয়তা দূৰ কৰিবৰ বাবেও স্বাস্থ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছে। আনহাতে এই বাতৰি গুৰুত্বসহকাৰে সম্প্ৰচাৰ কৰাৰ বাবে নিউজ১৮ অসমক আয়ুস্মান মিত্ৰসকলে ধন্যবাদ জ্ঞাপন কৰিছে।