এই কৰ প্ৰত্যাহাৰ কৰাৰ ফলত অসম চৰকাৰৰ বছৰি ১১০০ কোটি টকাৰ লোকচান হ'ব।
এই কৰ প্ৰত্যাহাৰ কৰাৰ ফলত অসম চৰকাৰৰ বছৰি ১১০০ কোটি টকাৰ লোকচান হ'ব।
অৱশেষত প্ৰত্যাশিত ভাবেই হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৫ টকাকৈ হ্ৰাস কৰিলে প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলৰ দামত। শুকুৰবাৰে মাজনিশাৰ পৰা হ্ৰাস পালে প্ৰতিলিটাৰ পেট্ৰল ডিজেলৰ মূল্য।
৫ টকা হ্ৰাস পোৱাৰ পিছত গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৫৮ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৭৯.৫৭ টকা।
উল্লেখ্য যে, শুকুৰবাৰে বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা কৰিছিল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে, সুৰাৰ ওপৰত আৰোপ কৰা গড় হিচাপত প্ৰায় ২৫% অতিৰিক্ত উপ-কৰ উঠাই দিয়া হৈছে। কোভিড–১৯ৰ সময়ছোৱাত আৰোপ কৰা হৈছিল এই কৰ।
হিমন্ত বিশ্ব শৰ্মাৰ মতে, এই হ্রাসৰ পিছত অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য গুজৰাটৰ পিছতে সৰ্বনিম্ন হ'ল। এই কৰ প্ৰত্যাহাৰ কৰাৰ ফলত অসম চৰকাৰৰ বছৰি ১১০০ কোটি টকাৰ লোকচান হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|