உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বহিঃৰাজ্যত আবদ্ধ হৈ থকা সকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য

    বহিঃৰাজ্যত আবদ্ধ হৈ থকা সকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য

    স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত শৰ্মাই সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনায়

    স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত শৰ্মাই সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনায়

    স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত শৰ্মাই সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনায়

    • Share this:
    স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত শৰ্মাই সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনায়।কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

    সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কৰে কেইবাটাও বিশেষ ঘোষণা-

    • বিদেশত আবদ্ধ লোকলৈ চৰকাৰে আগবঢ়াইছে সহায়ৰ হাত। ১হেজাৰ ডলাৰকৈ সাহায্য দিছে চৰকাৰে।

    • বহিঃৰাজ্যলৈ  চিকিত্‍সাৰ বাবে যোৱা জটিল ৰোগত আক্ৰান্তলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ২৫হাজাৰ। ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা হেল্প লাইন নম্বৰ মুকলি। বহিঃৰাজ্যত আবদ্ধসকলৰ যোগাযোগ কৰিব পাৰিব 9615471547 নম্বৰত। কেৱল আৰ্থিক সহায়ৰ বাবে দিয়া হৈছে এই নম্বৰ।

    • কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ আৰোগ্য নিধিলৈ বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত। সেই ধনৰাশি ব্যৱহাৰ হ’ব স্বাস্থ্যখণ্ডত।

    • কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ স্বাস্থ্যখণ্ডলৈ মুকেশ আম্বানীয়ে আগবঢ়াইছে ১০হাজাৰ PPE কিট।

    • বাগিছাৰ শ্ৰমিকক দিয়া হ’ব তিনি তৰপীয়া মাস্ক।

    • শিথিল হ’ব পাৰে লক ডাউনৰ নীতি। কাইলৈ কেন্দ্ৰীয় চৰকাৰে ল’ব সিদ্ধান্ত।

    Published by:Himangshu Bhuyan
    First published: