உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুৱাহাটীৰ মাজমজিয়াত দুষ্কৃতিকাৰীয়ে হত্যা কৰা ৰিতুপৰ্ণ পেগুক মনত আছেনে? দুৰ্ভগীয়া পত্নী এলিনা মিলিলৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ২ লাখ টকাৰ আৰ্থিক সাহায্য

    গুৱাহাটীৰ মাজমজিয়াত দুষ্কৃতিকাৰীয়ে হত্যা কৰা ৰিতুপৰ্ণ পেগুক মনত আছেনে? দুৰ্ভগীয়া পত্নী এলিনা মিলিলৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ২ লাখ টকাৰ আৰ্থিক সাহায্য

    প্ৰয়াত ৰিতুপৰ্ণ পেগুৰ পত্নী এলিনা মিলি পেগুক সকাহ দিয়াৰ বাবে বৃহস্পতিবাৰে অসম নিৰ্যাতিতা ক্ষতিপূৰণ আঁচনিখনৰ অধীনত প্ৰথম কিস্তিৰ আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে ৰাজ্য চৰকাৰে।

    • Share this:
    মহানগৰীৰ নুনমাটিস্থিত এখন ফাৰ্ণিচাৰ দোকানত বিগত বৰ্ষৰ ১২ জুনত দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে হত্যা কৰিছিল ক্ষুদ্ৰ ব্যৱসায়ী ৰিতুপৰ্ণ পেগুক। প্ৰয়াত ৰিতুপৰ্ণ পেগুৰ পত্নী এলিনা মিলি পেগুক সকাহ দিয়াৰ বাবে বৃহস্পতিবাৰে অসম নিৰ্যাতিতা ক্ষতিপূৰণ আঁচনিখনৰ অধীনত প্ৰথম কিস্তিৰ আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে ৰাজ্য চৰকাৰে।

    বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিব চি পি তালুকদাৰৰ উপস্থিতিত উপায়ুক্ত বিশ্বজিৎ পেগুৱে এলিনা মিলি পেগুৰ হাতত মুঠ পাঁচ লাখ টকাৰ প্ৰথম কিস্তিৰ  আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

    উল্লেখযোগ্য যে, এলিনা মিলি পেগুৰ স্বামী ৰিতুপৰ্ণ পেগুক ২০২০ বৰ্ষৰ ১২ জুন তাৰিখে নুনমাটিৰ এখন ফাৰ্ণিচাৰ দোকানত চোকা অস্ত্ৰৰে এটা দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰি নৃশংসভাবে হত্যা কৰিছিল। মৃত্যুৰ সময়ত ৰিতুপৰ্ণই পত্নীৰ উপৰি এটি কণমানি সন্তানক এৰি গৈছিল। স্বামী হাৰা বিধবা মহিলাগৰাকীক অসম নিৰ্যাতিতা ক্ষতিপূৰণ আঁচনিখনৰ অধীনত প্ৰথম কিস্তিৰ আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰাত শলাগ লৈছে সৰ্বসাধাৰণ লোকে।
    Published by:Himangshu Bhuyan
    First published: