শিক্ষিত নিবনুৱালৈ বাম্পাৰ অ’ফাৰ! ৰাজ্য চৰকাৰে আগবঢ়াব ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য, জানি লওক সবিশেষ

ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ ভাল খবৰ। ৰাজ্য চৰকাৰে লৈছে এক বৃহত্ পদক্ষেপ।
ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ ভাল খবৰ। ৰাজ্য চৰকাৰে লৈছে এক বৃহত্ পদক্ষেপ।
- News18 Assam
- Last Updated: January 6, 2021, 5:56 PM IST
এই সকল নিবনুৱাই লাভ কৰিব ধনৰাশিঃ
- শিক্ষিত নিবনুৱা জন কমেও স্নাতক উত্তীৰ্ণ হ’ব লাগিব।
- পৰিয়ালৰ আয় বছৰি ২ লাখতকৈ অধিক হ’ব নোৱাৰিব।
- বয়সৰসীমা ২৫ৰ পৰা ৪৫ৰ ভিতৰত হ’ব লাগিব।
- দৰিদ্ৰসীমাৰ তলৰ সকলে পাব অগ্ৰাধিকাৰ।
- কেৱল SC শ্ৰেণীৰ শিক্ষিত নিবনুৱাইহে লাভ কৰিব এই সুবিধা।
আবেদন প্ৰক্ৰিয়া হ’ব সম্পূৰ্ণ অফলাইনৰ জৰিয়তে। আবেদন কৰিব লাগিব নিজৰ মহকুমাৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত। ঠিক সেইদৰে গুৱাহাটীৰ বশিষ্টস্থিত সমাজ কল্যান সঞ্চালকালয়তো জমা দিব পাৰিব আবেদন।
SCৰ প্ৰমাণ পত্ৰ, ডিগ্ৰীৰ প্ৰমাণ পত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ আবেদনৰ লগত জমা দিব লাগিব। লগতে দিব লাগিব বেংক পাছবুকৰ ফটো কপি, পাছপৰ্ট ফটো, ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড। ইয়াৰ উপৰিও প্ৰস্তাৱিত ধন কি কামত খৰচ কৰিব তাৰো এক প্ৰকল্প জমা দিব লাগিব আবেদনকাৰীয়ে।