বিমানবন্দৰৰ পৰা পথৰ দাঁতিয়ে দাঁতিয়ে অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে গঢ়ি তোলা হৈছে সৰু-বৰ মঞ্চ। আনকি বহুদিনে বিকল হৈ থকা ষ্ট্ৰিট লাইটসমূহেও পাইছে প্ৰাণ। বিমানবন্দৰৰ পৰা পথৰ দাঁতিয়ে দাঁতিয়ে অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে গঢ়ি তোলা হৈছে সৰু-বৰ মঞ্চ। আনকি বহুদিনে বিকল হৈ থকা ষ্ট্ৰিট লাইটসমূহেও পাইছে প্ৰাণ। ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন। ৰাষ্ট্ৰপতিক আদৰিবলৈ বিশেষ ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে। বিমানবন্দৰৰ পৰাই সজাই পৰাই তোলা হৈছে ৰাজপথ। বিমানবন্দৰৰ পৰা ন–ৰূপ দিয়া হৈছে ৰাজপথক। বিমানবন্দৰত ৰাজপথক ৰং দিয়াকে ধৰি গঢ়ি তোলা হৈছে পেণ্ডেল। ৰাজপথৰ কাষৰ গছ, খুটা আদিত বোলোৱা হৈছে ৰং। নতুনকৈ ৰং কৰা হৈছে ডিভাইদাৰসমূহো। বিমানবন্দৰৰ পৰা পথৰ দাঁতিয়ে দাঁতিয়ে অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে গঢ়ি তোলা হৈছে সৰু-বৰ মঞ্চ। আনকি বহুদিনে বিকল হৈ থকা ষ্ট্ৰিট লাইটসমূহেও পাইছে প্ৰাণ।
উল্লেখোগ্য যে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ২৫ ফেব্ৰুৱাৰীত বিশেষ বিমানযোগে পুৱাৰ ভাগতে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব। শুকুৰবাৰে গুৱাহাটীত উপস্থিত হ’বলগীয়া ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰৰ লগতে আলাবৈ ৰণৰ যুদ্ধ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব।
২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত উপস্থিত থকাৰ উপৰিও বিয়লি তেওঁ কাজিৰঙাত উপস্থিত হ’ব। তেজপুৰৰ পৰা হেলিকপ্টাৰেৰে গৈ কাজিৰঙাত উপস্থিত হ’বলগীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে সেইদিনাই জীপ ছাফাৰিৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্য উপভোগ কৰিব। নিশা আয়ৰা ৰিজ’ৰ্টত কটাই পিছদিনা পুৱা পুনৰ তেওঁ জীপ ছাফাৰি কৰিব কাজিৰঙাত। ইয়াৰ পিছতে পুনৰ নতুন দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতিগৰাকী।
Published by: Sanjay Kumar Das
First published: February 24, 2022, 15:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|