বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / CM Himanta Biswa Sarma: চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠানত বিতৰণ কৰা নহয় নিযুক্তি পত্ৰ, সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

CM Himanta Biswa Sarma: চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠানত বিতৰণ কৰা নহয় নিযুক্তি পত্ৰ, সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

CM Himanta Biswa Sarma:  চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠানত বিতৰণ কৰা নহয় নিযুক্তি পত্ৰ, সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

অৱশ্যে  ১ জুনতে চাকৰিত যোগদান কৰিব পাৰিব নিযুক্তি পত্ৰ পোৱাসকলে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে ৯ৰ পৰা ১১ মে’লৈ অসম চৰকাৰৰ দুবছৰ পূৰ্তিৰ বাবে হাতত লোৱা কাৰ্যসূচীৰ বিষয়ে জানিবলৈ দি এই কাৰ্যসূচীৰ মাজতে প্ৰদান কৰিবলগীয়া নিযুক্তি পত্ৰৰ তাৰিখ পিছুৱাই দিয়াৰ কথা উল্লেখ কৰে।

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ব্যস্ত থাকিবলগীয়া হোৱাত তেওঁৰ অসম ভ্ৰমণৰ দিন পিছুৱাই দিয়া বাবে নিযুক্তি পত্ৰ বিতৰণৰ তাৰিখো পিছুৱাই দিয়া হৈছে। সেয়েহে এতিয়া নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব ২৬ মে’ত। ২৬ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

বিজ্ঞাপন

নিযুক্তি পত্ৰ পোৱাসকলে অৱশ্যে  ১ জুনতে চাকৰিত যোগদান কৰিব পাৰিব। উল্লেখ্য, ২৬ মে’ত অসমলৈ আহিবলগীয়া গৃহমন্ত্ৰীয়ে উক্তদিনা নেচনেল ফৰেনছিক ইউনিভাৰ্চিটিৰ আধাৰশিলাও স্থাপন কৰিব।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন