সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ হ’ব গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম

News18 Assam | News18-Assam
Updated:June 15, 2020, 7:07 PM IST
সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ হ’ব গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম
শেহতীয়া বৰ্ড অফ স্পৰ্টছৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে

শেহতীয়া বৰ্ড অফ স্পৰ্টছৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে

  • Share this:
ঐতিহ্যমণ্ডিত গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম। সিংহ পুৰুষ প্ৰয়াত ৰাধা গোবিন্দ বৰুৱা আৰু বহু জনৰ সপোনৰ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামখন নতুনকৈ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। শেহতীয়া বৰ্ড অফ স্পৰ্টছৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে। এই কথা জনাইছে ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।

১৯৬২ চনত গুৱাহাটীৰ উলুবাৰীত গঢ়লৈ উঠা নেহৰু ষ্টেডিয়াম খনে বিগত ৫৮ বছৰে অসমৰ ক্ৰীড়াৰ বহু ঐতিহ্য বহন কৰিছে। নেহৰু ষ্টেডিয়ামতে এছিয়াৰ সন্মানীয় বৰদলৈ ট্ৰফী ফুটবলত বিশ্বৰ বহু বৰেণ্য ফুটবলাৰে যাদু দেখুওৱাৰ উপৰিও উজবেকিস্তান, ইৰাণ, থাইলেণ্ড, বাংলাদেশৰ দলে চেম্পিয়ন খিতাপ অৰ্জন কৰিছিল। তাৰোপৰি ১৩খনকৈ আই চি চি আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত হৈছে নেহৰু ষ্টেডিয়ামত।

বৰ্ড একাদশ আৰু ভাৰতীয় প্ৰথম শ্ৰেনীৰো বহুত খেল অনুষ্ঠিত হৈছে নেহৰু ষ্টেডিয়ামত। য'ত  অংশ লৈছে শচীন তেন্দুলকাৰ, ব্ৰায়ান লাৰা, ভিভিয়ান ৰিছাৰ্ডছ, আছিফ ইকবাল, ক্লাইভ লয়ড, কপিল দেৱ, কাৰ্ল হুপাৰ, ষ্টিভ ৱ, এলেন ডোনাল্ড, সনৎ জয়সূৰ্য্য, সুনিল গাভাস্কাৰ, সৌৰভ গাংগুলী, কাৰ্টনী ৱালছ, আদম পেৰোৰে, এণ্ড্ৰিউ ফ্লাৱাৰৰ উপৰিও আন বহু মহান ক্ৰিকেটাৰে। কেৱল সেয়াই নহয় নেহৰু ষ্টেডিয়ামত ক্ৰিকেট ফুটবলৰ উপৰি অনুষ্ঠিত হৈছে আন বহু ইভেণ্টৰ ৰাষ্ট্ৰীয় খেল।

সেইখন ষ্টেডিয়ামকে সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰাৰ বাবে প্ৰথমে নক্সা তৈয়াৰ হ’ব। তাৰ পিছত বাজেট প্ৰস্তুত কৰি নিবিদাৰ জৰিয়তে কাম আৰম্ভ হ’ব। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ লগতে যোৰহাটৰ ষ্টেডিয়াম খনো নতুন ৰূপত গঢ় দিব ৰাজ্য চৰকাৰে।
First published: June 15, 2020, 7:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি