‘বিদ্যালয়ৰ নামৰ মাজত থাকিব নোৱাৰিব ‘মকতব’ শব্দ’- নাম সলনিৰ নিৰ্দেশ শিক্ষা বিভাগৰ

যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ নামটো ৰাজ্যৰ শিক্ষা বিভাগে সলনি কৰিবলৈ লোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ নামটো ৰাজ্যৰ শিক্ষা বিভাগে সলনি কৰিবলৈ লোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
- News18 Assam
- Last Updated: June 17, 2020, 4:56 PM IST

চৰকাৰৰ শিক্ষা বিভাগৰ এই নিৰ্দেশে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ১৮৯৬ চনত প্ৰতিষ্ঠা কৰা শতবৰ্ষ গৰকা যোৰহাটৰ এই বিদ্যালয়খনৰ সৈতে বহু লোকৰ আবেগ জড়িত হৈ আছে। অসমৰ বহু বিশিষ্ট ব্যক্তিয়ে প্ৰাথমিক শিক্ষা লাভ কৰিছিল এই বিদ্যালয়ত। মদন প্ৰসাদ বেজবৰুৱা, বাবুল নাথ গোস্বামী, প্ৰাক্তন মুখ্যসচীব জে পি ৰাজখোৱা, বৰ্তমানৰ মুখ্যসচীব কুমাৰ সঞ্জয় কৃষ্ণকে মুখ্য কৰি ৰাজ্যৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অধ্যয়ন কৰিছিল এই বিদ্যালয়তে।
" অসমৰ মুখ্য সচীব কুমাৰ সঞ্জয় কৃষ্ণই পঢ়িছিল এইখন বিদ্যালয়তে। পিছলৈ গৈ আই এ এছ , আই আৰ এছ বিষয়া তথা ৰাজ্যৰ উচ্চ পৰ্যায়ৰ পদবীত অধিস্থিত হোৱা বহু লোকে প্ৰাথমিক শিক্ষা লাভ কৰিছিল এই বিদ্যালয়খনত । আলিগড় মুছলিম ইউনিভাৰ্চিটি , বানাৰচ হিন্দু ইউনিভাৰ্চিটি আদিৰ দৰে শিক্ষানুষ্ঠানসমূহতটো আমি এনে সমস্যাৰ সৃষ্টি হোৱাটো দেখা নাই । তেন্তে এই বিদ্যালয়খনক লৈ কিয় এই পৰিস্থিতিৰ সৃষ্টি হৈছে ! " , বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ নবাব নাছিৰুদ্দিন আহমেদে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বহু লোকে পুনৰ বিবেচনা কৰি চাবলৈ শিক্ষা বিভাগক আহ্বান জনাইছে ।