মুখ্যপৃষ্ঠা » খবৰ

» অসম

»MOU: ক্ষুদ্ৰ ঋণ লৈ বিপদত পৰাসকললৈ সকাহ, কোনে পৰিশোধ কৰিব লাগিব ঋণত লোৱা টকা, কোনে পাব পুৰস্কাৰ?

MOU: ক্ষুদ্ৰ ঋণ লৈ বিপদত পৰাসকললৈ সকাহ, কোনে পৰিশোধ কৰিব লাগিব ঋণত লোৱা টকা, কোনে পাব পুৰস্কাৰ?

News18 Assam | News18-Assam
Updated:August 24, 2021, 8:12 PM IST
MOU: ক্ষুদ্ৰ ঋণ লৈ বিপদত পৰাসকললৈ সকাহ, কোনে পৰিশোধ কৰিব লাগিব ঋণত লোৱা টকা, কোনে পাব পুৰস্কাৰ?
ৰাজ্য চৰকাৰে মঙলবাৰে বহুকেইটা বেংক প্ৰতিষ্ঠানৰ সৈতে হয় বুজাবুজিৰ স্বাক্ষৰ।

ৰাজ্য চৰকাৰে মঙলবাৰে বহুকেইটা বেংক প্ৰতিষ্ঠানৰ সৈতে হয় বুজাবুজিৰ স্বাক্ষৰ।

  • Share this:

অসম চৰকাৰে প্ৰথমখন কেবিনেটতে ঋণ ৰেহাইৰ বাবে গঠন কৰিছিল এখন কমিটী ৷ নিৰ্বাচনৰ সময়তো দৰিদ্ৰ মহিলাই লোৱা ঋণ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে ৷ মঙলবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনিক প্ৰাধিকৰণ মহাবিদ্যালয়ত বহুকেইটা বেংক প্ৰতিষ্ঠানৰ সৈতে হোৱা বুজাবুজিৰ স্বাক্ষৰৰ সময়ত প্ৰথমেই কেবিনেটত লোৱা সিদ্ধান্ত আৰু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ সোঁৱৰণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷


কোনে পৰিশোধ কৰিব লাগিব ঋণত লোৱা টকা, কোনে পাব পুৰস্কাৰ:


১. যিসকলে লোন লৈ সঠিক ব্যৱহাৰ কৰি সঠিক সময়ত ঘূৰাই দি আহিছে, তেওঁলোকক ২৫ হাজাৰকৈ পুৰস্কাৰৰ ৰূপত চৰকাৰে দিব শীঘ্ৰেই ৷ উদাহৰণস্বৰূপে, ইয়াৰ মাজত কোনোবাই যদি ১৫ হাজাৰ পৰিশোধ কৰিবলৈ আছে,  ২৫ হাজাৰৰ ১০ হাজাৰ সেই উপভোক্তাই পাব ৷ সেই টকা হ'ব পুৰস্কাৰ স্বৰূপ ৷ মাজে মাজে চৰকাৰে এনেকৈ উৎসাহিত কৰি যাব লোন লোৱা সেইসকল মহিলাক, যিসকলে টকাখিনি ফ্ৰীজ,গাড়ী আদি ক্ৰয়ত খৰচ নকৰি ক্ষুদ্ৰ ব্যৱসায় কৰি ঋণৰ টকা সময়ত ঘূৰাই আহিছে ৷ ৰাজ্যত এনে উপভোক্তা ১১ লাখৰ পৰা ১৪ লাখ মান হ'ব ৷



২. যিসকলে লোন ল'লে কিন্তু আৰ্থিক দুৰৱস্থাৰ হেতু ঘূৰাব নোৱাৰিলে, সেই সকলৰ ঘৰলৈ আৱেদন পত্ৰ প্ৰেৰণ কৰিব চৰকাৰে ৷ তেওঁলোকৰ সঁচাকৈয়ে যদি লোন ঘূৰোৱাৰ বাবে সামৰ্থ্য নাই, সেই লোন মাফ ঋণমুক্তৰ প্ৰমাণ–পত্ৰ দিব তেওঁলোকক চৰকাৰে ৷


৩. RBIৰ ফেয়াৰ প্ৰেক্টিছৰ বাহিৰত যদি কোনোবাই লোন লৈছিল বা দিছিল, সেয়া চৰকাৰৰ পৰা বিচাৰিব নোৱাৰিব ঋণ দিয়া ক্ষুদ্ৰ বেংকে ৷  ১ লাখ ২৫ হাজাৰৰ ওপৰত দিয়া ঋণ আছিল RBIৰ ফেয়াৰ প্ৰেক্টিচৰ বাহিৰত ৷ এই তিনিটা বিষয়ৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক'লে, মাইক্ৰ' ফাইনেঞ্চে ঋণ নিদিলে ১০ টকা সুদত ল'বলগীয়া হয় দৰিদ্ৰ মহিলাই ঋণ ৷


আজিৰ তাৰিখতো অসমৰ কাবুলীৱালাৰ পৰা ধন লৈ বিপদত পৰা বহু মানুহ আছে ৷ লোন মানুহে লওক, তেতিয়াহে জনমূৰি আয় সঠিক দিশত আগবাঢ়িব ৷ কাবুলীৱালাৰ পৰা ল'লে অসমৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱেই নপৰিব ৷ আৱেদন কৰক, যিসকলৰ লোন ঘূৰাবলগীয়াকৈ  ৰৈ গৈছে ৷ এতিয়াৰে পৰা ঘৰে ঘৰে গৈ এজেণ্টে লোন আদায় কৰিব নালাগে৷


ইফালে,অৰ্থনীতি টনকিয়াল কৰাৰ স্বাৰ্থতে ১ তাৰিখৰ পৰা বাছ চলাচল হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ ১ঘণ্টা বেছিকৈ দোকান–পোহাৰ খোলাৰ ব্যৱস্থা কৰিব পাৰি নেকি চিন্তা কৰা হৈছে বুলি সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ বিশেষকৈ পদপথৰ ব্যৱসায়ীৰ চিন্তা কৰা হৈছে ৷ যি সকলে মম' আদি বিক্ৰী কৰি ঘৰ এখন চলাই আহিছে, তেওঁলোকক লৈ কি কৰিব পৰা যায় তাৰ চিন্তাচৰ্চাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷



তেওঁ লগতে কয় যে অৰুণোদয়ৰ হিতাধিকাৰী প্ৰতি সমষ্টিত প্ৰায় ৫ হাজাৰকৈ বৃদ্ধিৰ চিন্তাচৰ্চা চলিছে ৷ ইয়াৰ মাজতে পুনৰ ঋণৰ প্ৰসংগলৈ আহি বেংকসমূহক উদ্দেশ্যি কয় যে বেংকসমূহে মানৱীয় দৃষ্টিভংগী ৰাখিব লাগে ৷ অসমীয়া মানুহে নঠগে ৷ গতিকে বানপানীত ক্ষতিগ্ৰস্ত বা আন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা ঋণীসকলক মানৱীয় দৃষ্টিৰে চোৱা উচিত বেংকে ৷

Published by: Gautam Barman
First published: August 24, 2021, 8:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি