কেতিয়াৰ পৰা খুলিব চৰকাৰী কাৰ্যালয়? লগতে আৰু বহু গুৰুত্বপূৰ্ণ খবৰ

News18 Assam | News18-Assam
Updated:April 12, 2020, 8:24 PM IST
কেতিয়াৰ পৰা খুলিব চৰকাৰী কাৰ্যালয়? লগতে আৰু বহু গুৰুত্বপূৰ্ণ খবৰ
ল’ক ডাউনৰ সময়ছোৱাত বন্ধ হৈ আছে চৰকাৰী কাৰ্যালয়সমূহ

ল’ক ডাউনৰ সময়ছোৱাত বন্ধ হৈ আছে চৰকাৰী কাৰ্যালয়সমূহ

  • Share this:
ল’ক ডাউনৰ সময়ছোৱাত বন্ধ হৈ আছে চৰকাৰী কাৰ্যালয়সমূহ ৷ দুই এক অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে তলাবন্ধ আনবোৰ কাৰ্যালয় ৷ কিন্তু শীঘ্ৰেই খুলিব চৰকাৰী কাৰ্যালয় ৷ খোল খাব চাহ বাগিচা সমূহো ৷

বাগানৰ কৰ্মচাৰীয়ে কামৰ সময়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।  বাগানে বাগানে চেনিটাইজাৰ থাকিব লাগিব।পুৱা ৭বজাৰ পৰা ৩ বজালৈ খুলিব চাহ বাগান ৷সোমবাৰৰ পৰাই খুলিব অসমৰ সকলো চাহ বাগান। আনকি বিহুৰ সময়তো খোলা থাকিব চাহবাগান। কিন্তু কিছু নিয়মৰ মাজেৰেহে খুলিব লাগিব চাহ বাগিচা ৷

কি কি নিয়ম কৰা হৈছে জনালে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষানে-


  • সকলো শ্ৰমিক একেলগে আহিব নোৱাৰিব ৷

  • শ্ৰমিক সকলক ভাগ কৰা হ'ব দুটা ভাগত ৷ ৫০% শ্ৰমিকহে এবাৰত আহিব পাৰিব ৷

  • সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব বাগিচা সমূহে ৷ থাকিব লাগিব ছেনিটাইজেছনৰ ব্যৱস্থা।



কেতিয়াৰ পৰা খুলিব চৰকাৰী কাৰ্যালয়?

ঠিক একেদৰে অতি সোনকালে খুলিব চৰকাৰী একাংশ কাৰ্যালয় ৷ উন্নয়ণমূলক কাম সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাত এই পৰামৰ্শ মন্ত্ৰী পৰিষদৰ ৷

এই সন্দৰ্ভত মন্ত্ৰী ভৱেশ কলিতাই কয় যে,  ‘১৫ এপ্ৰিলৰ পৰা খোলা হ’ব চৰকাৰী কাৰ্যালয় ৷ মানুহে বন্ধ পালন কৰিয়েই আছে ৷ অৱশ্যে বহু কথা কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিব ৷ কাৰ্যালয়ত উপস্থিত থাকিবলগীয়া কৰ্মচাৰীৰ সংখ্যা ৫০%হয় নে কমিব,সেইয়া কাইলৈ স্পষ্ট হ’ব। কৰ্মচাৰীৰ উপস্থিতি নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৷ হয়তো গ্ৰেড ৱান আৰু গ্ৰেড টু হে আহিব লাগিব কাৰ্যালয়লৈ।’
Published by: Himangshu Bhuyan
First published: April 12, 2020, 8:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading