• Home
  • »
  • News
  • »
  • assam
  • »
  • CAAক লৈ বিব্ৰত অসমৰ চৰকাৰৰ পুনৰ দৰদামৰ চেষ্টা; এইবাৰ চৰকাৰৰ দগা পাল্লাত উঠিল অসমীয়া ভাষা

CAAক লৈ বিব্ৰত অসমৰ চৰকাৰৰ পুনৰ দৰদামৰ চেষ্টা; এইবাৰ চৰকাৰৰ দগা পাল্লাত উঠিল অসমীয়া ভাষা

Source-Google

Source-Google

উচ্চতম ন্যায়ালয়ৰ Advocate-on-Record ৰুণামণি ভূঞাৰ মতে “এই প্ৰক্ৰিয়া হ’ব অতি জটিল; এখন সংবিধান সংশোধনী আইন প্ৰণয়ন কৰিবলৈ সংসদৰ উভয় সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগিব সেই আইন; তাৰোপৰি অতি কমেও দেশৰ ৫০ শতাংশ ৰাজ্যই নিজ নিজ বিধান সভাত সংখ্যাগৰিষ্ঠতাৰে অনুমোদন জনাব লাগিব সেই আইন; তাৰপাছতহে অসমীয়াই লাভ কৰিব সেই প্ৰস্তাৱিত মৰ্য্যদা

  • Share this:
১৯৬০ চনৰ কথা । তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা । চলিহা দিল্লীৰ শ্ৰুতলিপিত উঠা বহা কৰা বিধৰ নাছিল । ১৯৫৬ চনত কেন্দ্ৰীয় চৰকাৰে ‘State Reorganization Act 1956’ গৃহীত কৰি ভাষাৰ ভিত্তিত ৰাজ্য সমূহ পুনৰ গঠন কৰিছিল । ইয়াৰ যোগেদি পুনৰ গঠন হ’ল অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্য (তেতিয়াৰ বৰ অসম) । তাৰ ৬ বছৰৰ আগতে ডঃ বি আৰ আম্বেদকাৰে সংবিধান প্ৰণয়ন কৰোতে সন্নিবিষ্ট কৰিলে ভাৰতীয় ভাষা সমূহ সংৰক্ষণ উদ্দেশ্যে এক বিশেষ অনুচ্ছে – অনুচ্ছেদ ৩৪৫ ।

এই অনুচ্ছেদৰ যোগেদি ৰাজ্য সমূহৰ বিধান সভা সমূহত নিজ ৰাজ্যৰ চৰকাৰী ভাষা আইন প্ৰণয়ন কৰি নিৰ্ধাৰণ কৰাৰ দিয়া হল কৰ্তৃত্ব । আনহাতে অনুচ্ছেদ ৩৪৩ ৰ যোগেদি কেন্দ্রীয় চৰকাৰে হিন্দী আৰু ইংৰাজীক চৰকাৰী ভাষাৰ মৰ্যদা প্ৰদান কৰিলে । প্ৰথমে ইংৰাজী ভাষাৰ প্ৰচলনৰ সময়সীমা ১৫ বছৰলৈকে সীমিত কৰা হৈছিল । ১৯৬৫ চনত ১৫ বছৰৰ অন্ত পৰাত কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষাক চৰকাৰী ভাষা কৰাৰ প্ৰচেষ্টা হাতত লৈছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এনে কাৰ্য্যৰ তীব্র বিৰোধিতা কৰিলে মূলতঃ দক্ষিণৰ ৰাজ্য সমূহে; যাৰ ফলত ইংৰাজী ভাষাৰ কেন্দ্ৰই চৰকাৰী ভাষাৰ মৰ্যদা কৰ্তন কৰাৰ সিদ্ধান্তক পৰিত্যাগ কৰিলে ।

মুখ্যমন্ত্ৰী চলিহাই অনুচ্ছেদ ৩৪৫ আৰু ৰাজ্য পুনৰ গঠন আইন সৰোগত কৰি তাহানিৰ শ্বিলঙৰ অসম বিধান সভাত গৃহীত কৰিলে The Assam Official Language Act 1960 । বিধেয়ক গৃহীত কৰাৰ লগে লগে হাঁহাকাৰ লাগিল বৰাক উপত্যকাত । আন্দোলন তীব্রতৰ হ’ল । বঙালী ভাষাক চৰকাৰী ভাষা কৰাৰ স্বাৰ্থত ১৯৬১ চনৰ ১৯ মে তাৰিখে শিলচৰত পুলিচৰ গুলীত প্ৰাণ গ’ল ১১ জনৰ ।

পৰিস্থিতিৰ ভয়াবহতা উপলব্ধি কৰি হস্তক্ষেপ কৰিলে তদানীন্তন ভাৰতৰ গৃহমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে। গতিকে The Assam Official Language Act ৰ দফা ৩ আৰু ৫ তথা সংবিধানৰ অনুচ্ছেদ ৩০ ক সৰোগত কৰি বৰাক উপত্যকাত বঙালী ভাষাক চৰকাৰী ভাষাৰ মৰ্য্যদা প্ৰদান কৰা হ’ল । (অনুচ্ছেদ ৩০ ত ভাষিক সংখ্যালঘুৰ অধিকাৰৰ কথা সন্নিবিষ্ট হৈ আছে) । তেতিয়াৰ পৰাই অসমৰ চৰকাৰী ভাষা অসমীয়া । কেন্দ্ৰীয় চৰকাৰে ইংৰাজী পৰিত্যাগ কৰাৰ নীতি পৰিহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ইংৰাজীও অসমৰ চৰকাৰী ভাষা হৈ থাকিল ।

অতি সম্প্ৰতি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অসমীয়া ভাষাক অসমত ৰাজ্য ভাষা কৰাৰ পোষকতা কৰি বাৰ্তা প্ৰেৰণ কৰিছে । অৱশ্যে ভাৰতীয় সংবিধানত যিকোনো ভাষাক ৰাজ্য ভাষা অথবা ৰাষ্ট্ৰীয় ভাষাৰ মৰ্য্যদা প্ৰদান কৰাৰ ব্যৱস্থা নাই । গতিকে প্ৰেছ বিবৃতিত State language বুলি কৈ অসমীয়াক অসম মুলুকত চিৰকালৰ কাৰণে চৰকাৰী ভাষাৰ কৰাৰ পৰিকল্পনা চৰকাৰ খনে কৰিছে বুলি ধৰি লোৱাৰ অৱকাশ আছে ।

আনহাতে অসম চৰকাৰে কেবিনেট বৈঠকৰ পাছৰ প্ৰেছ বিবৃতিতে অসমত প্ৰব্ৰজনৰ ফলত অসমীয়া কোৱাৰ লোকৰ সংখ্যাৰ তাৰতম্য হোৱাৰ আশংকাও প্ৰকাশ কৰিছে । যাৰ ফলত অসমীয়া ভাষাক অসম মুকুলত স্থায়ী চৰকাৰী ভাষা অথবা ৰাজ্য ভাষাৰ কৰাৰ প্রয়োজনীয়তাৰ কথা কৈছে । অৱশ্যে এই পদ্ধতিত পাহাৰীয়া জিলা কেইখন, বড়োলেণ্ড আৰু বৰাক উপত্যকা অন্তৰ্ভুক্ত নোহোৱাৰ কথাও অসম চৰকাৰে কৈছে ।

যিহেতু সংবিধানত এনে ব্যৱস্থাৰ উল্লেখ নাই গতিকে অনুচ্ছেদ ৩৪৫ সংশোধনী সংযোজন কৰাৰ কথাও চৰকাৰে কৈছে যাৰ কাৰণে প্ৰয়োজন এক বিশেষ সংবিধান সংশোধনী আইনৰ । উচ্চতম ন্যায়ালয়ৰ Advocate-on-Record ৰুণামণি ভূঞাৰ মতে “এই প্ৰক্ৰিয়া হ’ব অতি জটিল; এখন সংবিধান সংশোধনী আইন প্ৰণয়ন কৰিবলৈ সংসদৰ উভয় সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগিব সেই আইন; তাৰোপৰি অতি কমেও দেশৰ ৫০ শতাংশ ৰাজ্যই নিজ নিজ বিধান সভাত সংখ্যাগৰিষ্ঠতাৰে অনুমোদন জনাব লাগিব সেই আইন; তাৰপাছতহে অসমীয়াই লাভ কৰিব সেই প্ৰস্তাৱিত মৰ্য্যদা ।“

আনহাতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা পিয়ুষ সচদেৱে এনে আইনৰ বাস্তৱিকতাক সমূলঞ্চে নস্যাৎ কৰিছে। অসমৰ কাৰণে যদি এনে আইন প্ৰণয়ন কৰা হয়; আন ৰাজ্য সমূহেও অনুৰূপ ব্যৱস্থাৰ দাবী জনাব; তেনে ক্ষেত্ৰত তেলেংগানা, দিল্লী আদি ৰাজ্যত যত একাধিক ভাষা চৰকাৰী ভাষা তাত সাংবিধানিক সমস্যাই দেখা দিব, মন্তব্য কৰে সচদেৱে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰাজা চেটাৰ্জিৰ মতে অসম চৰকাৰে এনে অসম্ভৱ প্ৰতিশ্ৰুতি প্ৰদান কৰি নিজৰ কাৰণে সমস্যা বৃদ্ধি কৰিছে । আজিৰ জটিল সন্ধিক্ষণত চৰকাৰৰ কাৰণে অতি সহজ উপায়টো আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত অন্তৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰবৰ্তন কৰা; এখন ৰাজপত্ৰিত জাননীৰ যোগেদিয়েই এই কাম সমাধা হলহেতেন আৰু অসমত নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য নহলহঁতেন; তাকে নকৰি অসম চৰকাৰে ৰাইজক শান্ত কৰিবলৈ মিছা প্ৰতিশ্ৰুতিৰ আশ্ৰয় লৈছে; মন্তব্য চেটাৰ্জীৰ।

দিল্লীস্থ অভিযন্তা অচ্যুত হাতিমুৰীয়াৰ মতে, পৃথিৱীৰ কোনো সাংবিধানিক ৰক্ষকবচে অসমীয়া ভাষাক উদ্ধাৰ কৰিব নোৱাৰে যেতিয়ালৈকে অসমীয়াই নিজ ভাষাৰ কথিত আৰু লিখিত প্ৰয়োগৰ সম্প্ৰসাৰণ নকৰে । NPR এইবাৰ অসমত নহয়; হোৱা হলে নিশ্চিত ভাৱে অসমত বঙালী ভাষী লোকৰ সংখ্যা অধিক হলহেঁতেন; অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰাৰ ই এক অন্যতম কাৰণ, মন্তব্য কৰে অভিযন্তা গৰাকীয়ে ।
Published by:Himangshu Bhuyan
First published: