অহা মে’ মাহত ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিয়াকলৈ এতিয়া চিন্তিত হৈছে ৰাজ্য চৰকাৰ। কোৰোণা ভাইৰাছৰ ফলত এতিয়া ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি। অসমো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। ব’হাগ বিহুৰ পূৰ্বে এপ্ৰিল মাহৰ দৰমহা চৰকাৰে মুকলি কৰি দিলে যদিও অহা মে’ মাহত ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিয়াক লৈ এতিয়া সমস্যাত পৰিছে ৰাজ্য চৰকাৰ। এই মন্তব্য কৰিছে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইফালে অহা ২০ তাৰিখৰ পিছত ঠাই বিশেষে ল’ক ডাউন কিছু শিথিল কৰা হ’ব। যিসকল লোক এতিয়াও বহিঃৰাজ্যত আবদ্ধ হৈ আছে সেই সকলক ৰাজ্যলৈ ঘূৰাই আনিবলৈ এতিয়া চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে।
ৰাজ্যিক কৰ্মচাৰীক দৰমহা প্ৰদান কৰিব পৰা হ’ব নে নহয়, সেই ক্ষেত্ৰত অহা ২২, ২৩ এপ্ৰিলতহে স্পষ্ট হ’ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে। কিন্তু কৰ্মচাৰীক দৰমহা যাতে সময়ত দিব পাৰে তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|