জুলীৰ মৃতদেহ স্ব–গৃহলৈ অনাৰ দায়িত্ব ল’লে অসম চৰকাৰে

News18-Assam
Updated:June 24, 2019, 8:42 PM IST
জুলীৰ মৃতদেহ স্ব–গৃহলৈ অনাৰ দায়িত্ব ল’লে অসম চৰকাৰে
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গুৱাহাটীৰ মাঝিৰগাঁৱৰ জুলীৰাণীয়ে।

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গুৱাহাটীৰ মাঝিৰগাঁৱৰ জুলীৰাণীয়ে।

  • Share this:


অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গুৱাহাটীৰ মাঝিৰগাঁৱৰ জুলীৰাণীয়ে। ভৰ যৌৱনতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ৰ বিছনাত জীৱন-মৃতুৰে যুঁজিছিল গুৱাহাটী মাঝিৰগাঁৱৰ জুলীৰাণী কলিতা নামৰ যুৱতী গৰাকীয়ে। যুৱতীগৰাকীক জীয়াই তুলিবলৈ পৰিয়াল তথা অঞ্চলবাসীয়ে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছিল। কিন্তু অৱশেষত কলিকতাৰ চিকিৎসালয়ত চিৰকালৰ বাবে চকুমুদিলে জুলীৰাণীয়ে।

জুলীৰ মৃত্যুৰ পিছত এতিয়া কলকতাৰ পৰা মৃতদেহ স্ব–গৃহলৈ আনিবলৈও তীব্ৰ আৰ্থিক সংকটত ভুগিছে পৰিয়ালৰ লোকে। বহুতে জুলীৰ মৃতদেহ স্ব–গৃহলৈ অনাৰ বাবে বিচাৰিছে ৰাজ্য চৰকাৰৰ সহায়। অৱশেষত যেন জুলীৰ শুভাকাংশীসকলৰ কথা শুনিলে অসম চৰকাৰে। পশ্চিম বংগৰ পৰা জুলীৰ মৃত দেহ নিজ বাসগৃহলৈ আনিবলৈ ৰাজ্য চৰকাৰে  বিমানৰ খৰছ বহনকৰাৰ দায়িত্ব ললে।সেইদৰে চিকিৎসালয়ত দিবলৈ থকা ধনো পৰিশোধ কৰিব অসম চৰকাৰে।

 

First published: June 24, 2019, 7:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading