உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব বেংক একাউণ্ট

    বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব বেংক একাউণ্ট

    ফাইল ফটো

    ফাইল ফটো

    অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বেংক একাউণ্ট বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

    • Share this:
    অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বেংক একাউণ্ট বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। দ্বাদশ শ্ৰেণী পৰ্যন্ত বাধ্যতামূলক হ’ব ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট। চৰকাৰে আগবঢ়োৱা সা-সুবিধা যাতে ছাত্ৰ-ছাত্ৰীলৈ ডাইৰেক্ট ট্ৰেন্সফাৰ কৰিব পৰা যায়, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিবলৈ অসম সৰ্বশিক্ষা অভিযান মিছনে জিলা শিক্ষা বিষয়ালৈ নিৰ্দেশনা জাৰি কৰিছে।

    এই সন্দৰ্ভত অসম সমগ্ৰ শিক্ষা অভিযানৰ এম ডি, বি কল্যান চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়, ছাত্ৰ-ছাত্ৰীৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ, আৱাসিক বিদ্যালয়, কে জি বি ভি, মডেল স্কুল, সকলোতে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে বেংক একাউণ্ট খোলা বাধ্যতামূলক হ’ব। ই এক ডাঙৰ সিদ্ধান্ত। অহা ৩০ নৱেম্বৰৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন হ’ব।’

    উল্লেখযোগ্য যে, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে জিৰ’ বেলেঞ্চৰ একাউণ খোলা হ’ব।
    ১০ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অভিভাৱকৰ সৈতে জইণ্ট একাউণ্ট হ’ব।
    Published by:Himangshu Bhuyan
    First published: