• Home
  • »
  • News
  • »
  • assam
  • »
  • Government Job: আবেদনহে হ'ল, নিযুক্তি পৰীক্ষা কিন্তু আজি পৰ্যন্ত নহ'ল! চৰকাৰী বিভাগে বিভাগে পৰি ৰৈছে লাখ লাখ নিবনুৱাৰ আবেদন...

Government Job: আবেদনহে হ'ল, নিযুক্তি পৰীক্ষা কিন্তু আজি পৰ্যন্ত নহ'ল! চৰকাৰী বিভাগে বিভাগে পৰি ৰৈছে লাখ লাখ নিবনুৱাৰ আবেদন...

বিজ্ঞাপনৰ ভিত্তিত চাকৰি প্ৰত্যাশীয়ে আবেদন জনোৱাৰ পিছতো মাহৰ পিছত মাহ ধৰি চৰকাৰে অনুষ্ঠিত কৰিব পৰিব পৰা নাই নিযুক্তি পৰীক্ষা।

  • Share this:
মে'ৰ ভিতৰত ৰাজ্য চৰকাৰে ১ লাখ নিবনুৱা যুৱক-যুৱতীৰ হাতত চৰকাৰী নিযুক্তি পত্ৰ তুলি দিব বুলি চৌদিশে চৰ্চা চলি থকাৰ মাজতে কিছুমান খবৰে মন সেমেকাই তুলিছে চাকৰি প্ৰত্যাশীৰ! ৰাজ্যৰ চৰকাৰী বিভাগসমূহত পৰি ৰৈছে লাখ লাখ নিবুনৱাৰ আৱেদন। আবেদন প্ৰক্ৰিয়া ঠিকেই হৈ আছে, আগবঢ়া নাই নিযুক্তি প্ৰক্ৰিয়াহে।

বিজ্ঞাপনৰ ভিত্তিত চাকৰি প্ৰত্যাশীয়ে আবেদন জনোৱাৰ পিছতো মাহৰ পিছত মাহ ধৰি চৰকাৰে অনুষ্ঠিত কৰিব পৰিব পৰা নাই নিযুক্তি পৰীক্ষা।

তথ্য অনুসৰি, কৃষি বিভাগত ১৫৭টা পদ, সমাজ কল্যান বিভাগত ১৩৮টা পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১,৩২৪টা পদ, ভূমি সংৰক্ষণ বিভাগত ১৪৫টা পদ আৰু ৰেচম বিভাগত ১৮০টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিয়েই যেন দায়িত্ব সামৰিলে চৰকাৰে। আনকি কৃষি বিভাগৰ মিডিয়া এক্সপাৰ্টৰ ৩৫টা ঠিকাভিত্তিক পদৰ ইণ্টাৰভিও অনুষ্ঠিত কৰাৰ দুমাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত নোলাল ফলাফল।

ইমানেই নহয়, যোৱা ৭ ডিচেম্বৰত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা ২,৭২০টা পদৰ বিজ্ঞাপনৰো আজিলৈকে আগবঢ়া নাই কাম। এনে কৰ্ম-কাণ্ড দেখি এতিয়া হতাশ হৈ পৰিছে শিক্ষিত নিবনুৱাসকল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি