মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News: কান্দি উঠিল অৱনী লস্কৰৰ মাতৃ, U টাৰ্ণ আহিল বহুতৰে জীৱনলৈ

Assam News: কান্দি উঠিল অৱনী লস্কৰৰ মাতৃ, U টাৰ্ণ আহিল বহুতৰে জীৱনলৈ

কোনোবাই যদি আবেগত কান্দিলে, কোনোবাই হাঁহিলে নিযুক্তি পত্ৰ লৈ 

কোনোবাই যদি আবেগত কান্দিলে, কোনোবাই হাঁহিলে নিযুক্তি পত্ৰ লৈ 

কোনোবাই যদি আবেগত কান্দিলে, কোনোবাই হাঁহিলে নিযুক্তি পত্ৰ লৈ 

  • Share this:
এটা চাকৰি ৷ এটা চাকৰিয়ে সলাই দিব পাৰে সকলো ৷ জীৱনে টাৰ্ণ লৈ ল’ব পাৰে এটা চাকৰি লাভৰ পিছত ৷ নিজৰ জীৱনৰ লগতে ঘৰখনৰ, গাঁওখনলৈও আশা কঢ়িয়াই একো একোটা চৰকাৰী চাকৰিয়ে ৷ প্ৰায় পঞ্চল্লিছ হাজাৰৰ নিযুক্তি মেলালৈ অহা সকলৰ অনুভৱবোৰ সুকীয়া ৷ অনুভৱৰ ছন্দত স্পন্দিত একো একোখন মুখ ৷ প্ৰাপ্তিৰ হাঁহিত মুখবোৰ জিলিকি উঠা দেখা গ'ল বৃহস্পতিবাৰৰ দিনটোত ৷

চাকৰি পাইছে নগাঁও কামপুৰৰ অৱনী লস্কৰে ৷ অৱনী পিতৃ হাৰা ৷ মাতৃয়ে অশেষ সংগ্ৰামৰে ডাঙৰ কৰিছে অৱনীক ৷ ১২ বছৰ পূৰ্বে অৱনী যেতিয়া ৯ বছৰীয়া আছিল তেতিয়াই হেৰুৱাইছিল পিতৃক ৷ পিতৃৰ সপোন আছিল অৱনী ডাঙৰ হৈ চাকৰি কৰিব, মাকৰ সাৰথি হ'ব ৷ অৱনীয়ে চাকৰি পোৱাত মাকৰ চকুত বিৰিঙিল পানী ৷ উচুপি উঠিল প্ৰাপ্তিৰ দিনটোতো। বহুতৰে তেনেকুৱা হৈছে কোনোবাখন ঘৰত তিনিটা পৰ্যন্ত চাকৰি হৈছে ৷ বাৰম্বাৰ চাকৰি বিচাৰি আবেদন কৰি হাৰি নোযোৱা গোলাঘাটৰ বাগানৰ বাসিন্দা মনোজ হঁতৰ তিনিওটাৰে চাকৰি হ'ল ৷

একেদৰে দিব্যাংগ বিকী ৰজক হঁতৰ মুখতো বিৰিঙিছে হাঁহি। কহৰাৰ তিলক বৰগোঁহাইৰ  কাহিনী সুকীয়া ৷ গৃহৰক্ষী বাহিনীত নিয়োজিত হৈ থকা তিলকৰ অসম আৰক্ষীত চাকৰি হ'ল। তিলকে গৃহৰক্ষী বাহিনীৰ জোৱান হৈ থকাৰ সময়তে বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো আপ্যায়নৰ আছে অনুভৱ ৷ আনকি চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ আহোঁতে হোৱা স্কুটী দুৰ্ঘটনাৰ কথাও ব্যক্ত কৰিলে তিলকে ৷

সকলোৰে সুকীয়া অনুভৱৰ ছন্দৰ স্পন্দিত হৈ ৰ'ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ নতুনকৈ নিযুক্তি পোৱা জয়ন্ত চাংমায়ে ক'লে, 'হতাশ হ'ব নালাগে ৷ আশা এৰিব নালাগে ৷ আজি নাই হোৱা কাইলৈ হ'ব ৷'

শেহতীয়া বাতৰি