চাকৰি প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ। নতুনকৈ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কেত বোৰ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ একেধৰণৰ পদৰ বাবে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি এটাই বাচনি পৰীক্ষা অনুষ্ঠিত হব। বৃহস্পতিবাৰে এই সন্দৰ্ভত জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি প্ৰদানৰ বাবে এখন বোৰ্ড গঠন কৰিব চৰকাৰে। কোন বিভাগত চাকৰি বিচাৰে থাকিব সেইলৈ থাকিব চৰ্ত।
১ লাখ নিযুক্তি এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে হ'ব বুলি জনাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।১০ মে'ৰ পূৰ্বে ৫০ হাজাৰ নিযুক্তি এই প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ'ব। প্ৰথম পৰ্যায়ত ১ লাখ নিযুক্তি পৰীক্ষামূলক ভাবে অনুষ্ঠিত কৰা হ'ব। পৰিৱর্তী সময়তে এই ব্যৱস্থাৰ পাব স্থায়ী ৰূপ। সেইদৰে এতিয়াৰ পৰা কোনো ব্যক্তিগত সংস্থাক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।