এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাছুল। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা।
১৬ জনীয়া মাছুল নিয়ন্ত্ৰণ কমিটীয়ে জাৰি কৰা অনুসৰি-
- প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বাৰ্ষিক মাছুল লব পাৰিব সৰ্বাধিক ২৭ হাজাৰ টকা।
- ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাৰ্ষিক মাছুল নিৰ্ধাৰণ কৰা হৈছে সৰ্বাধিক ৩২ হাজাৰ টকা।
- একাদশ শ্ৰেণীত বিজ্ঞান শাখাত বাৰ্ষিক মাছুল হ’ব সৰ্বাধিক ৩৭,০০০ টকা। আনহাতে কলা শাখাত বাৰ্ষিক মাছুল সৰ্বাধিক ৩২ হাজাৰ টকা। বাণিজ্য শাখাৰ সৰ্বাধিক বাৰ্ষিক মাছুল হৈছে ৩৩ হাজাৰ টকা। আৰু অন্যান্য বিভাগৰ বাবে ৩৫ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে।
বছৰি সকলো খৰচ অন্তৰ্ভুক্ত কৰা হৈছে এই বাৰ্ষিক মাছুলত। ইয়াত কেৱল ছাত্ৰঃছাত্ৰীৰ বাছ ভাড়া অন্তৰ্ভূক্ত কৰা হোৱা নাই। ২০২১-২২ বৰ্ষৰ বাবেহে এই বাৰ্ষিক মাছুল ধাৰ্য কৰা হৈছে।যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এই নিয়ম সমূহ অৱমানা কৰিব, তেনে বিদ্যালয়সমূহৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|