আনল’ক সন্দৰ্ভত নতুন নিৰ্দেশনা মুখ্য সচিবৰ, ৰাজ্যত কেতিয়াৰ পৰা খুলিব জিম, শ্বপিং মল? কি কি আছে গাইড লাইনত?

News18 Assam | News18-Assam
Updated:August 2, 2020, 11:15 AM IST
আনল’ক সন্দৰ্ভত নতুন নিৰ্দেশনা মুখ্য সচিবৰ, ৰাজ্যত কেতিয়াৰ পৰা খুলিব জিম, শ্বপিং মল? কি কি আছে গাইড লাইনত?
আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টলৈকে পালন কৰিব লাগিব এই সমূহ নীতি-নিৰ্দেশনা

আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টলৈকে পালন কৰিব লাগিব এই সমূহ নীতি-নিৰ্দেশনা

  • Share this:
ৰাজ্যত বৰ্তমানো অব্যাহত আছে কোৰোণাৰ সংহাৰ। কিন্তু গুৱাহাটীত আগতকৈ কিছু উন্নত হৈছে পৰিস্থিতি। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে আনল’ক ৩.০ৰ গাইড লাইন। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা শিথিলতা অসমত বলৱত্‍ নহ’ব বুলি শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ পিছত আজি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এখন নতুন গাইড লাইন। আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্ট সন্ধিয়া ৭ বজালৈকে পালন কৰিব লাগিব এই সমূহ নীতি-নিৰ্দেশনা।



কি আছে গাইড লাইনত?


  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব জিম, যোগাভ্যাস কেন্দ্ৰ, শ্বপিং মল। কিন্তু প্ৰতিদিনে গুৱাহাটী মহানগৰীত পথৰ এফালেহে খুলিব পাৰিব। উদাহৰণ স্বৰূপে, সোমবাৰে যদি পথৰ বাওঁফালে খোলে, তেন্তে মঙলবাৰে খুলিব পথৰ সোঁফালে।

  • শণিবাৰ আৰু দেওবাৰক বাদ দি ৰেষ্টুৰেণ্ট, হোটেল খুলিব পাৰিব। কিন্তু সামাজিক দুৰত্ব পালন কৰাটো বাধ্যতামূলক।

  • প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে অন্তঃজিলা যাতায়াতৰ ব্যৱস্থা।


  • গৰ্ভৱতী মহিলাক বাদ দি, ১০০ শতাংশ কৰ্মচাৰীৰে ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় খুলিব পাৰিব।

  • চিনেমা হল, পাৰ্ক, থিয়েটাৰ,  বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।

  • সামাজিক , ৰাজনৈতিক, ধৰ্মীয়, ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।

  • শণিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কোনো লোকে চলা-ফুৰা কৰিব নোৱাৰিব।

  • ইয়াৰ উপৰিও ইয়াৰ আগৰ নিৰ্দেশনাত যিখিনি শিথিলতা প্ৰদান কৰা হৈছিল, তাৰ সুবিধা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ল’ব পাৰিব।

Published by: Himangshu Bhuyan
First published: August 2, 2020, 10:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading