১৫ ডিচেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠানৰ হোষ্টেল, পিছে থাকিব পাৰিব এইসকল শিক্ষাৰ্থীহে, মানিব লাগিব বহু নীতি-নিয়ম

News18 Assam | News18-Assam
Updated:December 5, 2020, 3:20 PM IST
১৫ ডিচেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠানৰ হোষ্টেল, পিছে থাকিব পাৰিব এইসকল শিক্ষাৰ্থীহে, মানিব লাগিব বহু নীতি-নিয়ম
১৫ ডিচেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠানৰ হোষ্টেল

১৫ ডিচেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠানৰ হোষ্টেল

  • Share this:
ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিলে নতুন গাইড লাইন। অহা ১৫ ডিচেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠানৰ হোষ্টেল। পিছে হোষ্টেল খুলিলেও মানিব লাগিব বহু কেইটা নীতি-নিয়ম। শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ স্বাক্ষৰত জাৰি কৰা গাইড লাইন অনুসৰি ৰাজ্যৰ অভিযান্তিক মহাবিদ্যালয়, স্নাতক মহাবিদ্যালয়, পলিটেকনিক, বিশ্ববিদ্যালয়, আবাসিক বিদ্যালয়( চৰকাৰী, বেচৰকাৰী),  ক’চিং শিক্ষানুষ্ঠানত হোষ্টেল অহা ১৫ ডিচেম্বৰৰ পৰা খুলিব পাৰিব।

মানিব লাগিব এইখিনি নিয়মঃ


  • কোৰোণাৰ লক্ষণ নথকা শিক্ষাৰ্থীহে প্ৰৱেশ কৰিব পাৰিব হোষ্টেলত।

  • হ্ৰাস কৰা হ’ব ৫০ শতাংশ বিচনা।

  • প্ৰতিটো কোঠাত থাকিব লাগিব পাৰ্টিচনৰ ব্যৱস্থা।

  • হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধ থাকিব অনলাইন ক্লাচ।


  • হোষ্টেলৰ ৱাৰ্ডেন, ৰান্ধনী, সহায়কাৰীয়ে কোৰোণা পৰীক্ষা কৰিব লাগিব।

  • হোষ্টেল, ৰান্ধনী ঘৰ, বাথৰুম, ডাইনিং হল চেনিটাইজ কৰিব লাগিব।

  • হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ পৰা লিখিত অনুমতি পত্ৰ আনিব লাগিব। হোষ্টেলত থকা বাধ্যতামূলক নহয়। নিৰ্ভৰ কৰিব অভিভাৱকৰ মতামতৰ ভিত্তিত।

  • হোষ্টেলত থাকিবলগীয়া সকলো ছাত্ৰ-ছাত্ৰীক কোৰোণা পৰীক্ষা কৰিব লাগিব।

  • ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দুৰত্ব মানিব লাগিব।

  • প্ৰতিটো সপ্তাহত চিকিত্‍সকৰ এটা দলে হোষ্টেল পৰিদৰ্শন কৰিব।

Published by: Himangshu Bhuyan
First published: December 5, 2020, 9:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি