মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Durga Puja: কাইলৈ ষষ্ঠী, পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক প্ৰয়োজনীয় নিয়মসমূহ, অন্যথা সমস্যাত পৰিব আপুনি!

Durga Puja: কাইলৈ ষষ্ঠী, পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক প্ৰয়োজনীয় নিয়মসমূহ, অন্যথা সমস্যাত পৰিব আপুনি!

News18 Assam | News18-Assam
Updated:October 10, 2021, 11:52 AM IST
Durga Puja: কাইলৈ ষষ্ঠী, পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক প্ৰয়োজনীয় নিয়মসমূহ, অন্যথা সমস্যাত পৰিব আপুনি!
কাইলৈ ষষ্ঠী! শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলিয়া ৰাজ্যবাসী। ভিৰ বাঢ়িছে বজাৰত। পিছে এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা চাব লাগিব ৰাজ্যবাসীয়ে।

কাইলৈ ষষ্ঠী! শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলিয়া ৰাজ্যবাসী। ভিৰ বাঢ়িছে বজাৰত। পিছে এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা চাব লাগিব ৰাজ্যবাসীয়ে।

  • Share this:
কাইলৈ ষষ্ঠী! শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলিয়া ৰাজ্যবাসী। ভিৰ বাঢ়িছে বজাৰত। পিছে এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা চাব লাগিব ৰাজ্যবাসীয়ে। ইতিমধ্যে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে কেতবোৰ বহু নীতি-নিৰ্দেশনা।

দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰৰ ইতিমধ্যে জাৰি কৰিছে নতুন SOP। কি কি নিয়ম মানিব লাগিব জানি লওকঃ




    • পুজা মণ্ডপ আহল বহল হ'ব লাগিব ৷ প্ৰৱেশ আৰু প্ৰস্থান বেলেগ হ'ব লাগিব ৷

    • পুজা মণ্ডপ সন্দেহজনক হ'লে জিলা প্ৰশাসনে টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব। স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে এপালি ভেকচিন লব লাগিব।


    • প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন কৰি অহা পূজা কমিটী/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক'ভিড প্ৰট'কলৰ বিষয়ে অৱগত কৰিব।

    • জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব। একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাস দিব লাগিব।

    • ইতিহাস প্ৰসিদ্ধ ধৰ্মীয়স্থলত একেসময়তে ৬০জন ভক্তই কৰিব পাৰিব প্ৰৱেশ।

    • সম্পূৰ্ণ দুটা ভেকচিন লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মণ্ডপত।

    • অন্য ধৰ্মীয় স্থানত একেসময়তে ৪০জন লোকেহে কৰিব পাৰিব প্ৰৱেশ

    • পূজা পেণ্ডেল সমূহতো দুটা ভেকচিন লোৱাসকলকহে প্ৰৱেশত অনুমতি




পূজামণ্ডপ-পূজাস্থলীত ল'ব লগা বিশেষ ব্যৱস্থাৱলী:



    • পূজাস্থলী যথেষ্ট আহল-বহল হ'ব লাগিব আৰু চাৰিওফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। যিকোনো দুগৰাকী লোক/দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক'ভিড বিধি অনুসৰি কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।

    • পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব

    • পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ'বলৈ দিব নোৱাৰিব।




পূজাত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন আদি বিষয়ত প্ৰযোজ্য হ'ব লগীয়া নিয়ম:



    • ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দুৰ্গাপূজাৰ আগে-পিছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধা-নিষেধ প্ৰযোজ্য হ'ব।

    • আয়োজক সমিতি বা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব।




আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, ভক্ত/দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী:



    • জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।

    • কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।

    •  দশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক'ভিড পৰীক্ষা কৰাব লাগিব।



Published by: Himangshu Bhuyan
First published: October 10, 2021, 11:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি