Combined Exam for Government Jobs: অসম চৰকাৰৰ সকলো চাকৰিৰ বাবে এটাই হ'ব বাচনি পৰীক্ষা! কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে?

News18 Assam | News18-Assam
Updated:June 7, 2021, 3:15 PM IST
Combined Exam for Government Jobs: অসম চৰকাৰৰ সকলো চাকৰিৰ বাবে এটাই হ'ব বাচনি পৰীক্ষা! কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে যে, এটাই হওক পৰীক্ষা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে যে, এটাই হওক পৰীক্ষা।

  • Share this:
চাকৰি প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ। নতুনকৈ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কেত বোৰ নতুন নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে। এতিয়াৰ পৰা অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ একেধৰণৰ পদৰ বাবে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি এটাই বাচনি পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। সোমবাৰে এই কথা জনাই মন্ত্ৰী ৰণজিত দাসে।

ৰণজিত দাসে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বিভাসমূহৰ একেধৰণৰ পদৰ বাবে এটাই বাচনি পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ইয়াৰ বাবে প্ৰতিটো বিভাগৰ পৰাই তথ্য বিচৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিছে যে, এটাই হওক পৰীক্ষা।

উল্লেখ্য যে, ২০২১ৰ মাৰ্চৰ ভিতৰত ৰাজ্যৰ ১ লাখ শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰিত সংস্থাপিত কৰাবলৈ ৰাজ্য চৰকাৰে যি লক্ষ্য বান্ধিছে, এতিয়া ইয়াৰ বাবে সকলো যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে প্ৰতিটো বিভাগে। সকলো বিভাগৰ পৰা লোৱা হৈছে খালী হৈ থকাৰ পদৰ তথ্য। জুন মাহৰ মাজ ভাগৰ পৰা বিজ্ঞাপন প্ৰকাশ পোৱাৰো সম্ভাৱনা আছে।

সেইদৰে তৎকালীন ভাবে কিছুমান পদত নিযুক্তি দিয়াৰো চিন্তা -চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰণজিত দাসে। প্ৰধানমন্ত্ৰী জল জীৱন মিছনৰ বাবে ১১১টা কনিষ্ঠ অভিযন্তাৰ পদৰ বিজ্ঞাপন জাৰি কৰিবলৈ সংশ্লীষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী দাসে।
Published by: Himangshu Bhuyan
First published: June 7, 2021, 3:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি