অষ্টম শ্ৰেণীলৈকে মুকলি পথাৰত পাঠদানৰ চিন্তা-চৰ্চা, বাৰিষাৰ সময়ত চৰকাৰে লোৱা সিদ্ধান্তই এতিয়া বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰীক

News18 Assam | News18-Assam
Updated:August 1, 2020, 9:08 PM IST
অষ্টম শ্ৰেণীলৈকে মুকলি পথাৰত পাঠদানৰ চিন্তা-চৰ্চা, বাৰিষাৰ সময়ত চৰকাৰে লোৱা সিদ্ধান্তই এতিয়া বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰীক
আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যত শিক্ষাৰ্থীৰ পাঠদান আৰম্ভ কৰাৰ ইংগিত ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যত শিক্ষাৰ্থীৰ পাঠদান আৰম্ভ কৰাৰ ইংগিত ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

  • Share this:
আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যত শিক্ষাৰ্থীৰ পাঠদান আৰম্ভ কৰাৰ ইংগিত ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শণিবাৰে মন্ত্ৰী গৰাকীয়ে সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে ৷ অৱশ্যে বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পিছত বহু কেইটা নিয়ম-নীতিৰ মাজেৰে চলিব লাগিব বিদ্যালয় সমূহ।

ইফালে পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়ত নহ’ব পাৰে পাঠদান। তাৰ পৰিৱৰ্তে চাৰিটা পৃথক স্থানত অৰ্থাৎ মুকলি পথাৰত শিক্ষাদান কৰিব লাগিব শিক্ষাৰ্থীক ৷ এই পাঠদানত ১৫ জনকৈ শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব ৷ এনে কেতবোৰ নতুন নীতি নিৰ্দেশৰ মাজত আৰম্ভ হ’ব পাঠদান ৷ কিন্তু এই ব্যৱস্থাই কিমান খিনি ছাত্ৰ-ছাত্ৰীক উপকৃত কৰে সেয়া সময়তহে হ’ব লক্ষ্যণীয়।

উল্লেখযোগ্য যে, ল’ক ডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ বাবে অনলাইনযোগে ব্যৱস্থা কৰিছিল ৰাজ্য চৰকাৰে। কিন্তু এই ব্যৱস্থাই দিব নোৱাৰিলে বিশেষ ফল। অসমৰ দৰে ৰাজ্যত বিভিন্ন কাৰণত সম্ভৱ হৈ নুঠে অনলাইন শিক্ষা ব্যৱস্থা। এটা স্মাৰ্টফোন ক্ৰয় কৰিবলৈ বহুলোক অসমৰ্থ হোৱাৰ লগতে বিভিন্ন ঠাইত বিদ্যুতৰো বিশেষ ব্যৱস্থা নাই।

ইয়াৰ পিছত ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে পাঠদানৰ বাবে লোৱা এই ব্যৱস্থা কিমান খিনি সফল হয়, সেয়া সময়তহে স্পষ্ট হ’ব। কিয়নো মুকলি পথাৰত শিক্ষাদানৰ পৰামৰ্শ দিছে যদিও এই বাৰিষাৰ সময়ত গ্ৰামাঞ্চলৰ বহু অঞ্চল এতিয়াওত পানীৰ তলত।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 9:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading