• Home
  • »
  • News
  • »
  • assam
  • »
  • ঘৰে ঘৰে দিয়া হ'ব কোৰোণাৰ ভেকচিন, দিল্লীত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ঘৰে ঘৰে দিয়া হ'ব কোৰোণাৰ ভেকচিন, দিল্লীত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অহা ২৫ নৱেম্বৰত অসমত সম্পূৰ্ণ হ’ব প্ৰথম পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া

অহা ২৫ নৱেম্বৰত অসমত সম্পূৰ্ণ হ’ব প্ৰথম পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া

অহা ২৫ নৱেম্বৰত অসমত সম্পূৰ্ণ হ’ব প্ৰথম পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া

  • Share this:
ৰাজ্যত জোৰদাৰ গতিত চলি আছে কোৰোণাৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী। কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ সকলোকে ভেকচিন ল'বলৈ বাৰে বাৰে আহ্বান জনাই আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মা বৰ্তমান দিল্লীত আছে। প্ৰধানমন্ত্ৰী মোদীৰ লগতে বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীক লগ ধৰি ৰাজ্যৰ শেহতীয়া উন্নয়নৰ ধাৰাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে নতুন বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বাবে মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

তাৰ মাজতে কোৰোণাৰ ভেকচিনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে,  'অহা  অহা ২৫ নৱেম্বৰত অসমত সম্পূৰ্ণ হ’ব প্ৰথম পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া। আৰু তাৰ পিছত তিনি মাহত দ্বিতীয় পালি প্ৰদানৰ প্ৰক্ৰিয়া সমাপ্ত কৰিব ৰাজ্য চৰকাৰে।' ইফালে কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে ঘৰে ঘৰে ভেকচিন দিয়া হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা মতে, 'এতিয়ালৈ ৰাজ্যত ২কোটি ৩ লক্ষ ৬০হাজাৰ লোকক প্ৰদান কৰা হৈছে  কোভিডৰ প্ৰথম ডোজ ভেকচিন। সেইদৰে ৯১ লক্ষ ৩১ হাজাৰ ৫৪০জনে ইতিমধ্যে লাভ কৰিছে দ্বিতীয় পালি ভেকচিন।'
Published by:Himangshu Bhuyan
First published: