உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'অসমীয়া ভাষা আদৰি লোৱাৰ কাম ছাত্ৰ-ছাত্ৰীৰ'- ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত ফেৰ মাৰিবলৈ চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত স্থাপন কৰিব একোখনকৈ CBSEৰ বিদ্যালয়

    'অসমীয়া ভাষা আদৰি লোৱাৰ কাম ছাত্ৰ-ছাত্ৰীৰ'- ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত ফেৰ মাৰিবলৈ চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত স্থাপন কৰিব একোখনকৈ CBSEৰ বিদ্যালয়

    টেট পৰীক্ষাৰ প্ৰশ্নকাকতত আছিল নেকি বিসংগতি?

    টেট পৰীক্ষাৰ প্ৰশ্নকাকতত আছিল নেকি বিসংগতি?

    টেট পৰীক্ষাৰ প্ৰশ্নকাকতত আছিল নেকি বিসংগতি?

    • Share this:
    ৰাজ্যৰ শিক্ষা বিভাগে স্থাপন কৰিব এইবাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়। মন্ত্ৰী ৰণোজ পেগুৰ মতে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ ৰাজ্য চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত স্থাপন কৰিব একোখনকৈ CBSE পাঠ্যক্ৰমৰ বিদ্যালয়। ইয়াৰ ফলত সংকটৰ সন্মুখীন হ'ব নেকি অসমীয়া ভাষা?  এইলৈ ৰণোজ পেগুৱে কয় যে, 'অসমীয়া ভাষাটো আদৰি লোৱা কামটো ছাত্র ছাত্ৰীৰ। ভাষাৰ বাবে ছাত্র ছাত্ৰী নহয়, ছাত্ৰ ছাত্ৰীৰ বাবেহে ভাষা।'

    টেট পৰীক্ষাৰ প্ৰশ্নকাকতত আছিল নেকি বিসংগতি?

    এই সন্দৰ্ভত ৰণোজ পেগুৱে কয় যে,  'বিশংগতি হোৱা নাছিল টেট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ।খবৰ পাওতেই তদন্ত চলাইছিল আৰক্ষীয়ে। কিছুমান মানে কৈছিল প্ৰশ্ন কাকত জটিল আহিছিল, কিন্তু জটিল আহিবই। এইবাৰ যিমান জটিল আহিছে পিছৰ পৰ্যায়ত আৰু বেছি জটিল আহিব। কিয়নো মই শিক্ষক সকল অধিক দক্ষতা সম্পন্ন হোৱাটো বিচাৰো।'

    ইফালে ৰিমছ এপ ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হৈ শিক্ষকে কৰা আত্মহত্যাৰ প্ৰসংগত শিক্ষামন্ত্ৰী পেগুৱে কয় যে, 'শিক্ষকৰ মৃত্যু সেই এপ ব্যৱহাৰৰ বাবে হৈছিল বুলি মই নাভাবো।আৰক্ষীৰ তদন্ততহে সকলো স্পষ্ট হ'ব।'

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: