• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: অসমত গঠন হ'ব কৃষি আয়োগ, ভোগালী বিহুৰ উৰুকাৰ দিনটোতো ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma: অসমত গঠন হ'ব কৃষি আয়োগ, ভোগালী বিহুৰ উৰুকাৰ দিনটোতো ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভোগালীৰ উৰুকাৰ পুৱা ভাগতেই বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

ভোগালীৰ উৰুকাৰ পুৱা ভাগতেই বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

ভোগালীৰ উৰুকাৰ পুৱা ভাগতেই বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

  • Share this:
ভোগালী বিহুৰ উৰুকাৰ দিনটোতো ব্যস্ত হৈ থাকিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ভোগালীৰ উৰুকাৰ পুৱা ভাগতেই বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে বাক্সা জিলাৰ নৱ দিহিৰাত কৃষিবন আৰু জৈৱ-বৈচিত্ৰ্য মহাবিদ্যালয় আৰু উলূমৰা সংৰক্ষণ, গৱেষণা আৰু পৰিৱেশ পৰ্যটন ক্ষেত্ৰৰ আধাৰশিলা স্থাপন আৰু ২০২১-২২ বৰ্ষৰ এমজিএনৰেগা পুঁজিৰে নিৰ্মিত ১০৭টা অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰে।

কৃষি-বাণিজ্যৰ উন্নয়নৰ দিশত চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমত বাণিজ্যিক কৃষি উৎপাদনৰ বিকল্প অন্বেষণ কৰিবলৈ বিশেষজ্ঞসকলৰ সৈতে এখন কৃষি আয়োগ গঠন কৰা হ’ব বুলি সদৰি কৰে। ৰাজ্য চৰকাৰে চাপাগুৰি অঞ্চলত নদী খহনীয়া সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বাবে মাটি সংৰক্ষণ বিভাগক বৰ্ধিত পুঁজি আৱণ্টন কৰিবলৈ আগবাঢ়িছে। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু বি টি আৰ প্ৰশাসনৰ সৈতে আলোচনা কৰি নৱ দিহিৰা অঞ্চলত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি প্ৰতিষ্ঠান স্থাপনৰো অন্বেষণ কৰি থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে ৷

এই অনুষ্ঠানত বিভাগীয় মন্ত্ৰী ইউ জি ব্ৰহ্ম, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক জয়ন্ত মল্ল বৰুৱা, জলেন দৈমাৰী, ভূপেন বড়ো আৰু  লৰেঞ্চ ইছলাৰী উপস্থিত থাকে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি