‘পাপ খণ্ডন’ আৰু বান–গৰা খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ পুষ্কৰ মহোৎসৱ

৫ ৰ পৰা ১৬ নৱেম্বৰলৈ গুৱাহাটীত চলিব ব্ৰহ্মপুত্ৰ পুষ্কৰ মহোৎসৱ। কোৱা হয় এই মহোৎসৱত পূজা কৰিলে বা স্নান কৰিলে ব্যক্তিৰ পাপ খণ্ডন হয়!

News18-Assam
Updated:September 7, 2019, 5:47 PM IST
‘পাপ খণ্ডন’ আৰু বান–গৰা খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ পুষ্কৰ মহোৎসৱ
৫ ৰ পৰা ১৬ নৱেম্বৰলৈ গুৱাহাটীত চলিব ব্ৰহ্মপুত্ৰ পুষ্কৰ মহোৎসৱ। কোৱা হয় এই মহোৎসৱত পূজা কৰিলে বা স্নান কৰিলে ব্যক্তিৰ পাপ খণ্ডন হয়!
News18-Assam
Updated: September 7, 2019, 5:47 PM IST
হীৰক জ্যোতি মালাকাৰ: নমামী ব্ৰহ্মপুত্ৰৰ পিছত এইবাৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ পুষ্কৰ মহোৎসৱ। বান গৰাখনীয়া ৰোধ আৰু পাপ খণ্ডন কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা এই মহোৎসৱ গুৱাহাটী মহানগৰীত চলিব ৫ ৰ পৰা ১৬ নৱেম্বৰলৈ।

সমগ্ৰ দেশৰ পৰা চাৰি লাখ ভক্ত অহাৰ উপৰিও বিদেশৰ চাৰিটা পৰিয়ালে এতিয়ালৈকে যোগাযোগ কৰিছে এই মহোৎসৱত অংশগ্ৰহণৰ বাবে।ইয়াৰে ভিতৰত কেৱল দক্ষিণাত্যৰ পৰা গুৱাহাটীলৈ আহিব দুই লাখ ভক্ত। দক্ষিণ ভাৰতৰ বিখ্যাত ২৫ জন পুৰিহিতে মন্ত্ৰ পাঠ কৰিব ব্ৰহ্মপুত্ৰ পুষ্কৰত। ইয়াৰোপৰি নাগেশ্বৰ নামৰ বিশেষ বাদ্যযন্ত্ৰ বজাব ১২ জন ব্যক্তিয়ে।মহালক্ষী চেৰিটেবল ট্ৰাষ্ট চেন্নাই আৰু তিৰুপতি বালাজী সেৱা সমিতিৰ উদ্যোগত হবলগীয়া এই মহোৎসৱ সোণাৰাম খেলপথাৰৰ পিছফালে আৰম্ভ হব ৫ নৱেম্বৰৰ পুৱা ৫ বাজি ১৭ মিনিটত।

১৬ নৱেম্বৰত সূৰ্য্যাস্ত হোৱাৰ লগে লগে অন্ত পৰিব মহোৎসৱৰ।মহোৎসৱৰ মুঠ বাজেট হৈছে ৭০ লাখ।১২ দিনীয়া মহোৎসৱৰ উদ্বোধনী অনুষ্টানত আহিব তেলেংগনাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাও।জিলা প্ৰশাসন অথবা ৰাজ্য চৰকাৰৰ পৰা অনুমতি লাভ কৰা নাই যদিও অনুমতি লাভ কৰিব বুলি আশাবাদী উদ্যোগতাসকল।উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ১২ খন পূজন কৰা নদীৰ ভিতৰত এই উৎসৱৰ বাবে নিৰ্বাচন কৰা হৈছে মহাবহু ব্ৰহ্মপুত্ৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি