এইবাৰ কুম্ভমেলাৰ আৰ্হিত ব্ৰহ্মপুত্ৰৰ বুকুত পাতিব পুস্কৰম: ৫ নৱেম্বৰৰ ১৬ নৱেম্বৰলৈ ব্ৰহ্মপুত্ৰ পুস্কৰম

নমামী ব্ৰহ্মপুত্ৰৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰ পুস্কৰম আয়োজন কৰিবলৈ সাজু হৈছে অসম চৰকাৰ

News18-Assam
Updated:September 2, 2019, 7:05 PM IST
এইবাৰ কুম্ভমেলাৰ আৰ্হিত ব্ৰহ্মপুত্ৰৰ বুকুত পাতিব পুস্কৰম: ৫ নৱেম্বৰৰ ১৬ নৱেম্বৰলৈ ব্ৰহ্মপুত্ৰ পুস্কৰম
Source-Google
News18-Assam
Updated: September 2, 2019, 7:05 PM IST
ৰাজু বৰুৱা: কুম্ভমেলাৰ পৰিৱেশেই যেন দেখা যাব এইবাৰ ব্ৰহ্মপুত্ৰতো ! লাখ লাখ ভক্ত সাধু সন্যাসীয়ে ব্ৰহ্মপুত্ৰৰ পানীত নামি কৰিব আৰাধনা ৷ নমামী ব্ৰহ্মপুত্ৰৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰ পুস্কৰম আয়োজন কৰিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ তেলেগু এছোছিয়েছন অসমে জনোৱা আহ্বানৰ প্ৰতি সহাৰি দি কুম্ভমেলাৰ আৰ্হিত ৫ৰ পৰা ১৬ নৱেম্বৰলৈ ব্ৰহ্মপুত্ৰ পুস্কৰম আয়োজনৰ বাবে প্ৰস্তুত হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ ফাচী বজাৰ ঘাটৰ পৰা নদীৰ মাজলৈকে থাকিব ৰেম্প ৷ ১২দিন চলিব যাগ যজ্ঞ ৷ ব্ৰহ্মপুত্ৰ পুস্কৰম যাতে সুচাৰুৰূপে পালন কৰিব পৰা যায় তাৰ বাবে IAS বিষয়া মিনাক্ষী সুন্দৰমৰ নেতৃত্বত গঠন হৈছে কমিটী ৷ প্ৰায় ষাঠি কোটি টকাৰ বাজেটেৰে হ'ব ব্ৰহ্মপুত্ৰ পুস্কৰম ৷ সকলোৰে আশা ব্ৰহ্মপুত্ৰ পুস্কৰমে আনিব অসম পৰ্যটনলৈ ইতিবাচক বাৰ্তা ৷
আৰু চাওক পৰৱৰ্তী বাতৰি