মুখ্যপৃষ্ঠা »খবৰ »অসম »মিছ কল দিলেই লাভ কৰিব কোভিড ভেকচিন, গুৱাহাটী মহানগৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানে পালন কৰিব লাগিব এইসমূহ নিয়ম...

মিছ কল দিলেই লাভ কৰিব কোভিড ভেকচিন, গুৱাহাটী মহানগৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানে পালন কৰিব লাগিব এইসমূহ নিয়ম...

এতিয়াও বিপদ আঁতৰা নাই মহানগৰবাসীৰ। গুৱাহাটীৰ শেহতীয়া কোৰোণা পৰিস্থিতিত উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

এতিয়াও বিপদ আঁতৰা নাই মহানগৰবাসীৰ। গুৱাহাটীৰ শেহতীয়া কোৰোণা পৰিস্থিতিত উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

  • Share this:
ৰাজ্যত হ্ৰাস পাবলৈ ধৰিছে কোভিডৰ সংক্ৰমণ।কিন্তু বিপদ আঁতৰা নাই গুৱাহাটী মহানগৰীত। শুকুৰবাৰ দিনটোত মহানগৰীত কোভিডত আক্ৰান্ত হৈছে ১৬৮ গৰাকী ব্যক্তি।কোভিডৰ সংক্ৰমণৰ হাৰ এটা সপ্তাহ ধৰি অৱনমিত নোহোৱাৰ বাবে নতুন পৰিকল্পনা হাতত লৈছে স্বাস্থ্য বিভাগে।

এতিয়াৰে পৰা মহানগৰৰ বাসিন্দাই 8929103776 নম্বৰত মিছ ক'ল দিলেই সহজেই লাভ কৰিব কোৰোণাৰ ভেকচিন। ২৫ ৰ পৰা ৩১ আগষ্টলৈ গুৱাহাটী মহানগৰীত ভেকচিন সপ্তাহ পালন কৰিব স্বাস্থ্য বিভাগে। যাৰ বাবে ১২০৪ জন BLO দিয়া হৈছে বিশেষ প্ৰশিক্ষণ।মহানগৰবাসী সম্পূৰ্ণ ভেকচিনেশ্যন কৰাৰ এই অভিযানৰ দায়িত্বত থাকিব উপায়ুক্ত বিশ্বজিত পেগু।

আনহাতে কোৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ উপায় হিচাপে এতিয়াৰ পৰা শ্বপিং ম’ল, ব্যৱসায়িক প্ৰতিষ্ঠান, দোকানৰ কমৰ্চাৰীসকলে ক’ভিড ভেকচিন লোৱা চাৰ্টিফিকেট প্ৰদৰ্শন কৰিব লাগিব। অন্যথা কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হ'ব চৰকাৰ।

শেহতীয়া বাতৰি