
মৌখিক নিযুক্তিৰ জৰিয়তে লওক চৰকাৰী চাকৰি
মৌখিক নিযুক্তিৰ জৰিয়তে লওক চৰকাৰী চাকৰি
ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ ভাল খবৰ! জিলাই জিলাই নিয়োগ মেলা পাতিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ২৩ ডিচেম্বৰ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া এই জব মেলাৰ বিষয়ে বিভাগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে।
নিৰ্দিষ্ট দিনটোত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব এই জব মেলা। ইয়াৰ জৰিয়তে বিভিন্ন পদৰ বাবে পাৰ্থী নিৰ্বাচিত কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় কেৰিয়াৰ চাৰ্ভিচ প্ৰজেক্টৰ আণ্ডাৰত এই উদ্যোগ লোৱা হৈছে। দশম শ্ৰেণীৰ উত্তীৰ্ণৰ পৰা একেবাৰে স্নাতক উত্তীৰ্ণ লৈকে সকলোৰে ইয়াত অংশ লব পাৰিব। আৰু ইণ্টাৰভিওৰ জৰিয়তে পাৰদৰ্শিতা অনুসৰি লাভ কৰিব চাকৰি।
কোনখন জিলাৰ কত হ'ব নিয়োগ মেলা?
- গুৱাহাটীঃ জিলা এমপ্লয়মেণ্ট এক্সচেঞ্জ, ৰিহাবাৰী।
- বঙাইগাওঁঃ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান।
- মৰিগাওঁঃ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, মৰিগাওঁ, দাণ্ডোৱা।
- দক্ষিণ শালমৰাঃ জনতা HS স্কুল খেলপথাৰ, খাৰুৱাবন্ধা।
- ধুবুৰীঃ ভোলানাথ কলেজ ফিল্ড।
- গোৱালপাৰাঃ গান্ধী ভৱন, BOCৰ কাষৰ।
- উত্তৰ লখিমপুৰঃ অ'মেন আইটিআই, চাবতি।
- মঙলদৈঃ জিলা এমপ্লয়মেণ্ট এক্সচেঞ্জ
- বিশ্বনাথ চাৰিআলিঃ ঘাহীগাওঁ ষ্টেডিয়াম ফিল্ড।
- তেজপুৰঃ জিলা এমপ্লয়মেণ্ট এক্সচেঞ্জ।
- হোজাইঃ জিলা এমপ্লয়মেণ্ট এক্সচেঞ্জ।
- গোলাঘাটঃ গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
- শিৱসাগৰঃ গড়গাওঁ, আইটিআই কেম্পাছ।
- সোণাৰীঃBPBM হাইস্কুল।
- ডিব্ৰুগড়ঃ চৰকাৰী আইটিআই, বৰবৰুৱা।
- তিনিচুকীয়াঃ আইটিআই কেম্পাছ।
- নলবাৰীঃ চৰকাৰী আইটিআই, সৰিয়হতলি।
- বৰপেটাঃ আইটিআই গাৰ্লছ হোষ্টেল কেম্পাছ।
- যোৰহাটঃ আইটিআই কম্পেক্স, ৰাজাবাৰী।
- ওদালগুৰিঃ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ।
- ধেমাজীঃ আইটিআই কেম্পাছ ধেমাজী।
- কৰিমগঞ্জঃ নগেন্দ্ৰনাথ তিলকচন্দ্ৰ এম ভি স্কুল, মেইন ৰোড।
- হাইলাকান্দিঃ জিলা পুথিভৰাল।
প্ৰাৰ্থীসকলে হাতত নিজৰ বায়ডাটাৰ দুটা কপি আনিব লাগিব।সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|