মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জনতাৰ বাবে 'জনসংযোগ বাতৰি', তথ্য আৰু জনসংযোগ বিভাগে কৰিব সম্প্ৰচাৰ

জনতাৰ বাবে 'জনসংযোগ বাতৰি', তথ্য আৰু জনসংযোগ বিভাগে কৰিব সম্প্ৰচাৰ

News18 Assam | News18-Assam
Updated:July 2, 2021, 5:12 PM IST
জনতাৰ বাবে 'জনসংযোগ বাতৰি', তথ্য আৰু জনসংযোগ বিভাগে কৰিব সম্প্ৰচাৰ
দিছপুৰত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি এই কথা জনালে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই।

দিছপুৰত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি এই কথা জনালে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই।

  • Share this:
'ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগে সম্প্ৰচাৰ কৰিব  'জনসংযোগ বাতৰি'। ৰাজ্যৰ বিভিন্ন স্থানত বিভাগটোৱে স্থাপন কৰা প্ৰায় ১,৬০০ ফিক্সড লাউড স্পীকাৰ (Fixed Live Speaker) ছিষ্টেমৰ জৰিয়তে পুৱা ৯.৩০ বজাত আৰু সন্ধিয়া ৬.৩০ বজাত এই বাতৰি সম্প্ৰচাৰ কৰা হ'ব।'- শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাই তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই।

ৰাজ্যখনৰ উল্লেখযোগ্য বাতৰিসমূহ সামৰি সপ্তাহত দুবাৰকৈ সম্প্ৰচাৰ কৰা হ'ব 'জনসংযোগ' বাতৰি। প্ৰকৃত আৰু তথ্যভিত্তিক বাতৰিৰ জৰিয়তে যাতে ৰাজ্য চৰকাৰৰ প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনিৰ খবৰ জনগণক দিব পৰা যায়, সেয়াই এই বাতৰিৰ প্ৰধান উদ্দেশ্য হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ উপৰিও ৰাজ্যখনৰ আৰু বহু স্থানত নতুনকৈ ফিক্সড লাউড স্পীকাৰ ছিষ্টেম (Fixed Live Speaker) সংযুক্ত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে বুলিও সংবাদমেলত জনাই মন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: July 2, 2021, 5:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি