সলনি হ’ব চৰকাৰী কাৰ্যালয়ৰ সময়সূচী, ৯ ঘণ্টা হ’ব কৰ্মচাৰীৰ কৰ্মসময়

১ জুলাইৰ পৰা সলনি হ’ব এই সময়সূচী। ৫ বজাৰ পৰিৱৰ্তে কাৰ্যালয় ছুটী হ’ব ৬ বজাত।

news18assam
Updated:June 1, 2019, 6:01 PM IST
সলনি হ’ব চৰকাৰী কাৰ্যালয়ৰ সময়সূচী, ৯ ঘণ্টা হ’ব কৰ্মচাৰীৰ কৰ্মসময়
১ জুলাইৰ পৰা সলনি হ’ব এই সময়সূচী। ৫ বজাৰ পৰিৱৰ্তে কাৰ্যালয় ছুটী হ’ব ৬ বজাত।
news18assam
Updated: June 1, 2019, 6:01 PM IST
১ জুলাইৰ পৰা সলনি হ’ব চৰকাৰী কাৰ্যালয়ৰ সময়সূচী। ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয়সমূহৰ সময়সূচী নতুনকৈ নিৰ্ধাৰণ কৰাৰ চিন্তাচৰ্চা কৰিছে। চৰকাৰে নিৰ্ধাৰিত সময়সূচীমতে ৰাজ্যিক কৰ্মচাৰীসকলৰ কামৰ সময় হ’ব ৯ ঘণ্টা। অৰ্থাৎ  চৰকাৰী কৰ্মচাৰীসকল পহিলা জুলাইৰ পৰা পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে ৯ বজাতে উপস্থিত হ’ব লাগিব কাৰ্যালয়ত। কাৰ্যালয় ছুটী হ’ব ৫ বজাৰ পৰিৱৰ্তে ৬ বজাত।

লগতে প্ৰতিটো শনিবাৰে বন্ধ থাকিব কাৰ্যালয়সমূহ। দেওবাৰটোকে ধৰি সপ্তাহত দুটাকৈ দিনত বন্ধ থাকিব কাৰ্যালয়সমূহ। কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত প্ৰস্তুত কৰা ফাইলৰ প্ৰস্তাৱটো গৃহীত হ’লেই ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন সময়সূচী।

 
আৰু চাওক পৰৱৰ্তী বাতৰি